আজি ১ ফেব্ৰুৱাৰী

⏩১৭৮৫ ৱাৰেন হেষ্টিংছৰ ভাৰতৰ গৱৰ্নৰ জেনেৰেল পদৰ পৰা পদত্য়াগ।
⏩১৮৩১ কলকাতাত ভাৰতৰ প্ৰথমখন চাৰুকলা প্ৰদৰ্শনী অনুষ্ঠিত।
⏩১৮৮৪ ভাৰতৰ ডাক বীমাৰ প্ৰৱৰ্তন।
⏩১৮৮৫ একাদিক্ৰমে তিনিটা টেষ্ট চেঞ্চুৰী কৰি মহম্মদ আজাহাৰউদ্দিনৰ বিশ্ব অভিলেখ।
⏩১৯২৪ চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাৰ জন্ম।
⏩১৯৩৩ পুণেৰ পৰা মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ।
⏩শিক্ষাবিদ-গীতিকাৰ লক্ষহীৰা দাসৰ জন্ম।
⏩১৯৪৯,১৯১৫ চনত গঠিত এছোচিয়েটড আৰু ভাৰতস্থ ৰয়টাৰক একেলগ কৰি প্ৰেছ ট্ৰাষ্ট অব্ ইণ্ডিয়া, সংক্ষেপে পি টি আইৰ গঠন।
⏩১৯৫৩ কলকাতাৰ ইম্পিৰিয়েল লাইব্ৰেৰীক জাতীয় গ্ৰন্থাগাৰ বা নেচনেল লাইব্ৰেৰী ৰূপে আনুষ্ঠানিকভাৱে মুকলি।
⏩১৯৬৪ ইউনিট ট্ৰাষ্ট অব্ ইণ্ডিয়া, সংক্ষেপে ইউ টি আইৰ প্ৰতিষ্ঠা।
⏩১৯৭২ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰাধিকৰণ গঠন।
⏩১৯৭৭ ভাৰতৰ উপকূলৰক্ষী নৌ-সেনা গঠন।
⏩২০০২ নাট্য়কাৰ অৰুণ শৰ্মালৈ অসম নাট্য় সন্মিলনৰ বঁটা ঘোষণা।
⏩শান্তিৰ নোবেল বঁটা বিজয়ী জন হিউমক আন্তজাৰ্তিক গান্ধী শান্তি বঁটা প্ৰদান।
⏩২০০৩ ওভতনি যাত্রাত মার্কিন মহাকাশযান ‘কলম্বিয়া’ৰ বিস্ফোৰণ আৰু ধ্বংস। ‘কলম্বিয়া’ৰ এই অভিযানত অংশ লোৱা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলাসহ সাতজন মহাকাশচাৰীৰ কৰুণ মৃত্যু।
⏩২০০৪ ইৰাকৰ উত্তৰ অঞ্চলৰ আৰ্বিল চহৰত হোৱা বোমা বিস্ফোৰণত দুই শতাধিক লোক নিহত।

You might also like
Leave A Reply

Your email address will not be published.