আজি ২০ অক্টোবৰ

▶️আজি ৰাষ্ট্ৰীয় একতা দিৱস।
▶️১৫৬৮ চনৰ আজিৰ দিনটোতেই আকবৰৰ চিতোৰগড় দূৰ্গ আক্ৰমণ।
▶️১৭৭৪ চনৰ এই দিনটোতেই ভাৰতৰ ৰাজধানী হৈছিল কলকাতাত।
▶️১৮৮৭ চনৰ আজিৰ দিনটোতেই বিশিষ্ট সাহিত্যিক তথা আমেৰিকান কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাতা জন ৰীডৰ জন্ম। ‘পৃথিৱী কঁপোৱা দহ দিন'(Ten Days that Shock the World) তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
▶️১৯৬২ চনৰ এই দিনটোতেই চীনৰ ভাৰত আক্ৰমণ।চীনা সৈন্যই অৰুণাচল আক্ৰমণ কৰি টাৱাং,ডেং,বোমডিলা আদি অধিকাৰ কৰে আৰু ক্ৰমাৎ অসমলৈ অগ্ৰসৰ হয়।ভাৰতৰ পক্ষে এই আক্ৰমণ প্ৰতিহত কৰা কঠিন হৈ পৰে।পিছে ২১ নৱেম্বৰত চীনে যুদ্ধ বিৰতি ঘোষণা কৰে আৰু চীনা সৈন্য উভতি যায়।
▶️১৯৭৮ চনৰ এই দিনটোতেই ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেৱাগৰ জন্ম। ১৯৯৩ চনৰ পৰা এদিনীয়া আৰু ২০০১ চনৰ পৰা ভাৰতীয় টেষ্ট দলৰ সদস্য সেৱাগ কেবাটাও অভিলেখৰো গৰাকী।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই উত্তৰ কাঁশীত প্ৰৱল ভূমিকম্পৰ ফলত সহস্ৰাধিক লোক নিহত হৈছিল। প্ৰায় ৩০০ কোটি টকাৰ ক্ষতি। বহু প্ৰাচীন ঐতিহাসিক স্মৃতিচিহ্নৰ ক্ষতিসাধন।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই অন্ধ্ৰপ্ৰদেশত ভয়াবহ বানত ৩০০ গাওঁ জলমগ্ন হৈ ২ শতাধিক লোক নিহত হৈছিল।
▶️১৯৯৯ চনৰ এই দিনটোতেই ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত মেগাৱতী সুকৰ্ণপুত্ৰী পৰাজিত হৈ ৰাষ্ট্ৰপ্ৰধান নিৰ্বাচিত হৈছিল আবদুৰ ৰহমান ৱাহিদ।
▶️১৯৯৯ চনৰ এই দিনটোতেই ত্ৰয়োদশ লোকসভাৰ প্ৰথম অধিবেশন আৰম্ভ হৈছিল।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা ড্ৰ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই এলান ইলিংহাষ্টক প্ৰদান কৰা হৈছিল বুকাৰ বঁটা।।

You might also like
Leave A Reply

Your email address will not be published.