আজি গিয়েনাৰ গণতন্ত্ৰ দিৱস।
আজি ব্ৰুনেইৰ স্বাধীনতা দিৱস।
খ্ৰীষ্টপূৰ্ব ৫৭ৰ আজিৰ দিনটোতেই উজ্জ্বয়িনীৰ ৰজা বিক্ৰমাদিত্যৰ হাতত শক ৰজা পৰাজিত হৈছিল। এই দিনটোক স্মৰণীয় কৰি ৰখাৰ অৰ্থে বিক্ৰমাদিত্যই প্ৰৱৰ্তন কৰিছিল ‘বিক্ৰম পঞ্জিকা’ৰ।
১৮২১ চনৰ এই দিনটোতেই ইংৰাজ কবি জন কীটছৰ মৃত্যু হৈছিল।
১৮৫৫ চনৰ আজিৰ দিনটোতেই জাৰ্মান গণিতজ্ঞ তথা বিজ্ঞানী ফ্ৰেডেৰিক গাউছৰ মৃত্যু হৈছিল।
১৯১৩ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ যাদুকৰ পি চি সৰকাৰ(প্ৰকৃত নাম প্ৰতুল চন্দ্ৰ সৰকাৰ)ৰ জন্ম হৈছিল।
১৯৯৭ চনৰ আজিৰ দিনটোতেই ক্ল’নিং পদ্ধতিৰে সৃষ্ট প্ৰথমটো প্ৰাণী ‘ডলী’ৰ জন্ম হৈছিল।
২০০৪ চনৰ এই দিনটোতেই বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, অভিনেতা বিজয় আনন্দৰ মৃত্যু হৈছিল।
২০০৫ চনৰ এই দিনটোতেই বিৰল মহাজাগতিক পৰিঘটনা! পৃথিৱীৰ পৰা ৫০ হেজাৰ আলোকবৰ্ষ দূৰৈত হিৰোছিমাৰ পাৰমাণৱিক বোমাতকৈও সহস্ৰগুণ প্ৰবল বিস্ফোৰণ সংঘটিত হৈছিল।
২০০৭ চনৰ এই দিনটোতেই বাংলাদেশৰ নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ ৰাজনীতিত যোগদান। তেওঁৰ ৰাজনৈতিক দলটোৰ নাম আছিল ‘নাগৰিক শক্তি’।।