আজি ২৬ ডিচেম্বৰ

➡️অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
➡️১৫৩০ ভাৰতৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বাবৰৰ মৃত্যু।
➡️১৮৯৩ চীনৰ মুক্তি আন্দোলনৰ নেতা মাও-ছে-তুঙৰ জন্ম।
➡️১৯১৭ অসম সাহিত্য সভাৰ জন্ম। আদিতে ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলনী’। ১৯২৪ চনৰ ৫ মে’ত ই ‘আসাম সাহিত্য় সভা’ হিচাপে পঞ্জীভুক্ত হয় আৰু ১৯৪৪ চনত সভাৰ নাম ‘ অসম সাহিত্য় সভা’ কৰা হয়। সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱা।
➡️১৯৭৬ সদৌ অসম নেপালী ছাত্ৰ সন্থাৰ জন্ম। প্ৰথম সভাপতি হৰ্ষ বাহাদুৰ চেত্ৰী; সম্পাদক বিনোদ খানাল। ২০০২ চনত তেজপুৰত বহা অধিৱেশনত সংগঠনটোৰ নাম সলনি কৰা হয়। নতুন নাম গোৰ্খা ছাত্ৰ সন্থা।
➡️১৯৯৯ ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ মৃত্যু।
➡️২০০৪ ইণ্ডোনেছিয়াৰ উত্তৰৰ (সুমাত্ৰা) সমুদ্ৰতলিত সংঘটিত এক প্ৰবল ভূমিকম্পত সাগৰত সৃষ্টি হোৱা ছুনামীৰ ফলত ইণ্ডোনেছিয়া, মালয়ছিয়া, থাইলেণ্ড, ম্য়ানমাৰ, ভাৰতৰ উপকূল অঞ্চল, শ্ৰীলংকা আৰু মাসদ্বীপৰ বিস্তৰ ক্ষতি। প্ৰায় ১ লাখ ৮০ হাজাৰ লোকৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.