আজি ৪ মে’

আজি ৪ মে’

⏩আজি খনি শ্রমিক দিবস
⏩১৭৯৯ ইংৰাজৰ সৈতে হোৱা যুদ্ধত মহীশূৰৰ (বৰ্তমানৰ কর্ণাটক) চুলতান টিপু চুলতানৰ মৃত্যু। ১৮৫৪ প্ৰথমটো ভাৰতীয় ডাকটিকটৰ আনুষ্ঠানিক প্রকাশ। সেই বছৰতেই কলকাতাত ভাৰতৰ প্ৰথমটো আধুনিক ডাকঘৰ মুকলি কৰা হয়। ইয়াৰ পূৰ্বে ডাকসেৱাৰ বাবে প্ৰথমটো কার্যালয় খোলা হৈছিল ১৭৭৪ চনৰ ৩১ মাৰ্চত।
⏩১৯২৪ পেৰিছত অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহৰ সামৰণি পৰে ২৭ জুলাইত।
⏩১৯২৭ ‘একাডেমী অব্ মোছন পিচাৰ আৰ্ট এণ্ড ছাইন্স’ গঠন।
⏩এই অনুষ্ঠানেই প্রদান কৰে অস্কাৰ বঁটা। ১৯৩১ তুৰস্কৰ ৰাষ্ট্ৰপতি ৰূপে কামাল পাছাৰ কাৰ্যভাৰ গ্ৰহণ। ১৯৪২ ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ জন্ম।
⏩১৯৫৩ ‘অ’ল্ড মেন এণ্ড দা ছী’ গ্রন্থৰ বাবে আর্নেষ্ট হেমিংৱেলৈ পুলিৎজাৰ বঁটা।
⏩১৯৭৯ ব্রিটেইনৰ প্ৰথমগৰাকী মহিলা প্রধান মন্ত্ৰীৰূপে মার্গাৰেট থেচ্চাৰৰ কাৰ্যভাৰ গ্ৰহণ।
⏩১৯৮০ যুগোশ্লাভিয়াৰ কমিউনিষ্ট নেতা, ৰাষ্ট্ৰপতি মার্শ্বেল টিটোৰ মৃত্যু।
⏩১৯৪২ এন্দু গৌৰলে ক্ল অসমৰ ৰাজ্যপাল। ১৯৪৬ চনৰ ৩ এপ্ৰিললৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
⏩১৯৪৭ আকবৰ হাইদৰী অসমৰ ৰাজ্যপাল। ১৯৪৮ চনৰ ২৮ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰে।
⏩১৯৯৪ ইজৰাইলৰ প্ৰধান মন্ত্ৰী ইটজাক ৰাবীন আৰু পেলেষ্টাইনৰ নেতা য়াছেৰ আৰাফটৰ মাজত ঐতিহাসিক চুক্তি সম্পাদিত। এই চুক্তি অনুসৰি ‘গোজা’ আৰু ‘জেৰিকো’ক সম্পূর্ণরূপে পেলেষ্টাইনৰ হাতত সমর্পণ।
⏩২০০৭ ‘টাইম’ আলোচনীয়ে প্ৰকাশ কৰা পৃথিৱীৰ ১০০ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ভাৰতৰ ছোনিয়া গান্ধী, লক্ষ্মী মিট্টাল আৰু ইন্দ্ৰা নুয়ীৰ নাম অন্তর্ভুক্ত।

You might also like
Leave A Reply

Your email address will not be published.