আজি ১৬ মে’

➡️১৭৬৩ ইংৰাজ ভাষাতত্ত্ববিদ, কবি, সমালোচক ছেমুৱেল জনছনৰ লগত জেমছ বছৱেলৰ লণ্ডনত প্রথম সাক্ষাৎ। জেমছ বছৱেলে পিছত জনছনৰ জীৱনী গ্রন্থ ‘লাইফ অব্ ছেমুৱেল জনছন’ লিখি বিশ্বজোৰা খ্যাতি অর্জন কৰে।

➡️১৯০৭ নাইৰোবি ব্রিটিছ পূব আফ্রিকাৰ ৰাজধানী।

➡️১৯১১ কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ।

➡️১৯২৯ প্ৰথমবাৰৰ বাবে অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত। ১৯৪৫ জার্মানীত নাজী বাহিনীৰ অৱলুপ্তি ঘোষণা।

➡️১৯৬০ ভাৰত আৰু ব্রিটেইনৰ মাজত আন্তর্জাতিক টেলেক্স সেৱা মুকলি।

➡️১৯৭০ টেনিছ খেলুৱৈ গেব্রিয়ালা ছাবাটিনীৰ জন্ম।

➡️১৯৭৫ ছিকিমক ভাৰতৰ ২২তম অংগৰাজ্য ৰূপে স্বীকৃতি।

ইয়াৰ পূৰ্বে ২৬ এপ্ৰিলত সংসদত এই সম্পর্কীয় বিধেয়ক গৃহীত হয়।

➡️১৯৭৫ জাপানৰ জানকো টাবেইৰ এভাৰেষ্ট বিজয়। এভাৰেষ্টত আৰোহণ কৰা এৱেঁই প্রথম মহিলা।

➡️১৯৯১ ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ইন-পাকিস্তান’ ঘোষণা পাক প্রধান মন্ত্ৰী নৱাজ শ্বৰীফৰ। ১৯৯৭ ভাৰতত ৬-১৪ বছৰৰ শিশুৰ বাবে বাধ্যতামূলকবিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত।

➡️১৯৯৯ কুৱেইটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ। ২০০৫ বি বি টেণ্ডনক নতুন মুখ্য নির্বাচন আযুক্ত হিচাপে

নিযুক্তি।

You might also like
Leave A Reply

Your email address will not be published.