“পৰাগ স্মৰণ” শীৰ্ষক অনুষ্ঠানেৰে পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ

“পৰাগ স্মৰণ” শীৰ্ষক অনুষ্ঠানেৰে পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু দিৱসত “পৰাগ স্মৰণ” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বাতৰি কাকতৰ বৈশিষ্ট্য লিখনিৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনিত দ্য আসাম ট্ৰিবিউন কাকতৰ উপ-সম্পাদিকা নাছৰিন হাবিব উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তৃতা প্ৰদান কৰে। তাৰ পাছতে বন্তি প্ৰজ্বলনেৰে মুখ্য অনুষ্ঠানটিৰ কাৰ্যসূচী আৰম্ভ কৰে।এই অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত। নিজৰ বক্তৃতাত পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ স্বৰ্ণিল ইতিহাসৰ বৰ্ণনাৰ জড়িয়তে তেখেতৰ সাংবাদিকতাৰ এক বিশ্লেষণ আগবঢ়ায়। তেখেতে পৰাগ কুমাৰ দাসৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি বৰ্তমান সময়ত সংবাদ সেৱাৰ বাণিজ্যিকিকৰণ, সংবাদ সেৱা নে বৃত্তি সেই লৈ সৃষ্টি হোৱা শংকা আদি সন্দৰ্ভত আলোচনা কৰে। এই অনুষ্ঠানতেই পৰাগ কুমাৰ দাসৰ জীৱন ভিত্তিক তথ্যচিত্ৰ “Till We Meet Again PARAG” ছাত্ৰ ছাত্ৰীৰ সমুখত প্ৰদৰ্শন কৰোৱা হয়। স্বেচ্ছাসেৱী সংগঠন “The think Tank” ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানতেই বিভাগৰ পৰা প্ৰকাশিত বাতৰি কাকত “GU Times”ৰ উন্মোচন কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.