আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফত ভয়ংকৰ বিষ্ফোৰণ!

প্ৰাদেশিক গৱৰ্ণৰ দাউদ মুজমালকে ধৰি ৩ জন লোকৰ মৃত্যু

ইণ্টাৰনেচনেল ডেস্ক:

বৃহস্পতিবাৰে আফগানিস্তানৰ মাজাৰ-ই-শ্বৰীফত ভয়ংকৰ বিষ্ফোৰণ। তালিবানে নিযুক্তি দিয়া প্ৰাদেশিক গৱৰ্ণৰ দাউদ মুজমালকে ধৰি ৩ জন লোকৰ মৃত্যু হয় বোমা বিস্ফোৰণত। তালিবান আৰক্ষীৰ মুখপাত্ৰই জনোৱা মতে, বালখ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই শ্বৰীফৰ গৱৰ্ণৰৰ কাৰ্যালয়ৰ ভিতৰতে সংঘটিত হয় এই বিস্ফোৰণ।

এই পৰ্যন্ত আক্ৰমণৰ দায়িত্ব কোনো সংগঠনে স্বীকাৰ কৰা নাই যদিও ইছলামিক ষ্টেট গোটৰ আঞ্চলিক সংযুক্ত সংস্থা—খোৰাছান প্ৰদেশৰ ইছলামিক ষ্টেটে বিষ্ফোৰণত জড়িত থকাৰ সন্দেহ। উল্লেখ্য যে, আফগানিস্তানত ইছলামিক ষ্টেট গোটৰ আঞ্চলিক সংযুক্ত সংস্থা—খোৰাছান প্ৰদেশৰ ইছলামিক ষ্টেট তালিবানৰ মূল প্ৰতিদ্বন্দ্বী।।

You might also like
Leave A Reply

Your email address will not be published.