দিল্লীৰ বসন্ত বিহাৰত ভয়ংকৰ দুৰ্ঘটনা!

দ্ৰুতবেগী এছ ইউ ভি গাড়ীয়ে মহতিয়ালে দুখন বাহনৰ লগতে তিনিখনকৈ ঠেলাগাড়ী

নেচনেল ডেস্ক:

দিল্লীৰ বসন্ত বিহাৰত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী এছ ইউ ভি গাড়ীয়ে মহতিয়ালে দুখন বাহনৰ লগতে তিনিখনকৈ ঠেলাগাড়ী। ফলত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে আহত হয় কমেও ৮ জন লোক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছত এখন মহিন্দ্ৰা থাৰ এছ ইউ ভি, আন দুখন বাহন আৰু তিনিখন ঠেলাগাড়ী ক্ষতিগ্ৰস্ত অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। প্ৰাথমিক তদন্তত থাৰৰ চালকৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে, শিশুসহ ৮ জন আহত লোক এইমছৰ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে থাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰি ৰেচ ড্ৰাইভিং আৰু গাফিলতিৰ ফলত মৃত্যু হোৱাৰ অভিযোগত গোচৰ এটা ৰুজু কৰা হয় বুলি আৰক্ষীয়ে জনিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.