উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত ভয়ংকৰ ভূমিস্খলন

ভূমিস্খলনত লিপুলেখ-তাৱাঘাটৰ এটা গুৰুত্বপূৰ্ণ পথ বিচ্ছিন্ন হৈ পৰাৰ ফলত আবদ্ধ হৈ পৰিছে ৩০০ গৰাকী পৰ্যটক

নেচনেল ডেস্ক:

ত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনত লিপুলেখ-তাৱাঘাটৰ এটা গুৰুত্বপূৰ্ণ পথ বিচ্ছিন্ন হৈ পৰাৰ ফলত আবদ্ধ হৈ পৰিছে ৩০০ গৰাকী পৰ্যটক । খবৰ অনুসৰি, ভূমিস্খলনৰ পিছত এই গুৰুত্বপূৰ্ণ পথটোৰ ১০০ মিটাৰ উটুৱাই নিয়াৰ ফলত ধৰচুলা আৰু গুঞ্জীত আবদ্ধ হৈ পৰিছে পৰ্যটকসকল।উল্লেখ্য যে, লিপুলেখ-তাৱঘাট পথটো কেদাৰনাথ মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে এক জনপ্ৰিয় পথ।

জানিব পৰা মতে, আৱদ্ধসকলৰ ভিতৰত আছে তীৰ্থযাত্ৰী, পৰ্যটক আৰু স্থানীয় লোক। আবদ্ধ পৰ্যটকসকলৰ বাবে খাদ্য আৰু পানীৰ ব্যৱস্থা কৰা হৈছে যদিও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে।

ইফালে, পৰ্যটকসকলক নিৰাপদ স্থানত থাকিবলৈ অনুৰোধ জনাই পৰামৰ্শ জাৰি কৰিছে আৰক্ষীয়ে। পৰ্যটকসকলক নিৰাপদ স্থানত থাকিবলৈ, অপ্ৰয়োজনীয় যাত্ৰা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে আৰক্ষীয়ে। ইফালে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ ১৩ খন জিলাত ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী জাৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.