আজিৰে পৰা ৰাজ্যজুৰি বন্ধ হ’ল ASTC বাছ সেৱা

১ জুনৰ পৰা পৰিবহন নিগনৰ কৰ্মচাৰীয়ে ৰাজ্যজুৰি আৰম্ভ কৰে তীব্ৰ প্ৰতিবাদ

নিউজ ডেস্ক

জিৰে পৰা অৰ্থাৎ ১ জুনৰ পৰা পৰিবহন নিগনৰ কৰ্মচাৰীয়ে ৰাজ্যজুৰি আৰম্ভ কৰে তীব্ৰ প্ৰতিবাদ । তৎক্ষানিত জাননীৰে ৭৭১ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ পাছতে বুধবাৰে উত্তপ্ত হৈ পৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ পল্টনবজাৰস্থিত কাৰ্যালয়ৰ চৌহদ। তাৰপাছতে বৃহস্পতিবাৰে কৰ্মবিৰতি ঘোষণা কৰে এ এছ টি চিৰ কৰ্মচাৰী সকলে।

জানিব পৰা মতে আনন্দ প্ৰকাশ তিৱাৰীয় পৰিবহন নিগমৰ পৰিচালন সঞ্চালক পদত থকাৰ সময়ত বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনেই নিযুক্তি দিয়া হৈছিল ২,২৭৪ গৰাকী কৰ্মচাৰীক । পৰৱৰ্তী সময়ত এই কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছত ৭৭১ জন কৰ্মচাৰীৰ নিযুক্তি অবৈধ বুলি ঘোষণা কৰিছিল তদন্ত সমিতিয়ে। যাৰ বাবে ৭৭১ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ বৰ্খাস্তৰ জাননী প্ৰকাশ কৰিছিল কৰ্তৃপক্ষই। কিন্তু ২,২৭৪ জনৰ ৭৭১ জনকহে জাননী জাৰি কৰাত ক্ষুদ্ধ হৈ পৰে কৰ্মচাৰী সকল । ইয়াক লৈয়ে আজিৰে পৰা ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্খাস্ত হোৱা কৰ্মচাৰী সকলে। লগতে যদিহে কৰ্মচাৰীসকলক চাকৰি ঘূৰাই নিদিয়ে তেন্তে অনিৰ্দিষ্ট কাললৈ এ এছ টি চি বাছ সেৱা বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে।।

You might also like
Leave A Reply

Your email address will not be published.