মুম্বাইৰ চত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমাতংক!

এগৰাকী মহিলা যাত্ৰীয়ে নিজৰ লাগেজত বিস্ফোৰক কঢ়িয়াই লৈ ফুৰা বুলি দাবী কৰাত হুৱাদুৱা লাগে বিমানবন্দৰৰ ভিতৰত

নেচনেল ডেস্ক:

মুম্বাইৰ চত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমাতংক। এগৰাকী মহিলা যাত্ৰীয়ে নিজৰ লাগেজত বিস্ফোৰক কঢ়িয়াই লৈ ফুৰা বুলি দাবী কৰাত হুৱাদুৱা লাগে বিমানবন্দৰৰ ভিতৰত।খবৰ অনুসৰি, বিমানবন্দৰৰ কৰ্মচাৰীয়ে অতিৰিক্ত লাগেজৰ ধন পৰিশোধ কৰিবলৈ কোৱা বাবে মহিলা গৰাকীয়ে নিজৰ লাগেজত বিস্ফোৰক কঢ়িয়াই লৈ ফুৰা বুলি মিছাকৈ দাবী কৰে। ইয়াৰ পিছতে মুম্বাই বিমানবন্দৰত সৃষ্টি হয় হুৱাদুৱাৰ। অৱশ্যে তালাচী চলোৱাত মহিলাগৰাকীৰ বেগত পোৱা নগ’ল কোনো বিস্ফোৰক সামগ্ৰী । মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ নিৰ্ধাৰিত ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।
উল্লেখ্য যে, নিয়ম অনুসৰি প্ৰতিগৰাকী যাত্ৰীয়ে ১৫ কেজি পৰ্যন্ত ওজনৰ লাগেজ কঢ়িয়াই নিব পাৰে যদিও মহিলাগৰাকীয়ে কঢ়িয়াই অনা আন এটা বেগৰ বাবে অতিৰিক্ত ধন দিবলৈ মহিলাগৰাকীয়ে অস্বীকাৰ কৰাত সৃষ্টি হয় এই ঘটনাৰ। জানিব পৰা মতে মহিলাগৰাকীয়ে মুম্বাইৰ পৰা কলকাতালৈ গৈ আছিল ।।

You might also like
Leave A Reply

Your email address will not be published.