স্বীকৃতি হেৰুৱাব দেশৰ ১৫০ খন চিকিৎসা মহাবিদ্যালয়ে!

নেচনেল ডেস্কঃ

দেশৰ ১৫০ খন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱাৰ সম্ভাৱনা।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ নকৰাৰ বাবে এই কঠোৰ সিদ্ধান্ত আয়োগৰ৷ইতিমধ্যে আয়োগে প্ৰস্তুত কৰিছে স্বীকৃতি বাতিল হ’বলগীয়া মেডিকেল কলেজৰ তালিকা। তালিকাত অন্তৰ্ভুক্ত অসম, গুজৰাট, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুৰ চিকিৎসা মহাবিদ্যালয়ৰ নাম। জানিব পৰা মতে স্বীকৃতি বাহাল ৰাখিবলৈ এমাহৰ সময়সীমাৰ নিৰ্ধাৰণ কৰিছে আয়োগে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণ নকৰি স্বীকৃতি হেৰুৱাব পাৰে অসমৰো গুৱাহাটী, বৰপেটা, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়কে ধৰি আৰু কেইবাখনো চিকিৎসা মহাবিদ্যালয়ে৷

You might also like
Leave A Reply

Your email address will not be published.