AECৰ ছাত্ৰৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ!

নিউজ ডেস্ক :

AECৰ ছাত্ৰৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৭ নম্বৰ হোষ্টেলৰ ৱাৰ্ডেনক বাধ্যতামূলক ছুটী । তদন্ত সম্পন্ন নোহোৱা পৰ্যন্ত ছুটীত থকাৰ নিৰ্দেশ অধ্যক্ষ আৰু ৭ নম্বৰ হোষ্টেলৰ ৱাৰ্ডেনক । ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিৰ্বাচনকলৈও সমিতি গঠনৰ নিৰ্দেশ । নিৰ্বাচনকেন্দ্ৰিক সংঘাত নিৰূপনৰ বাবে সমিতি গঠনৰ সমান্তৰালভাৱে শিক্ষানুষ্ঠানৰ অনুশাসন নিৰ্ধাৰণৰ বাবেও গঠন আন এখন সমিতি ।

উল্লেখযোগ্য যে জালুকবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লৈছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ৭জনকৈ ছাত্ৰই। ২৮ মে’ৰ নিশা জালুকবাৰীস্থিত DCP কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী স্ক’ৰপিঅ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই বিপৰীত লেনত অহা এখন ডি আই বাহনত খুন্দা মাৰিছিল। যাৰ ফলত থিতাতে মৃত্যু হৈছিল ৭জনকৈ ছাত্ৰৰ। এই ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছিল

You might also like
Leave A Reply

Your email address will not be published.