আজি ২ জুন

▶️আজি ইটালীৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৮৪০ চনৰ আজিৰ দিনটোতেই ইংৰাজ কবি-ঔপন্যাসিক টমাছ হাৰ্ডিৰ জন্ম হৈছিল।
▶️১৮৮২ চনৰ আজিৰ দিনটোতেই ইটালীৰ সামৰিক নেতা আৰু বীৰ যোদ্ধা যোছেপ্পে গেৰিবল্ডীৰ মৃত্যু হৈছিল।
▶️১৯১৮ চনৰ আজিৰ দিনটোতেই কবি-দাৰ্শনিক ভৱানন্দ দত্তৰ জন্ম হৈছিল।
▶️১৯৫৩ চনৰ এই দিনটোতেই ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাজ অভিষেক।
▶️১৯৫৭ চনৰ এই দিনটোতেই ডেনমাৰ্কৰ নোবেল জয়ী সাহিত্যিক কাৰ্ল আডলফ গিয়োলেৰাপৰ জন্ম হৈছিল। তেওঁ ১৯১৭ চনত ডেনমাৰ্কৰ আন এজন সাহিত্যিক হেনৰিক পোন্টোপিডানৰ লগত যুটীয়াভাৱে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই কাঠমাণ্ডুত ছাৰ্ক শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল।
▶️১৯৮৮ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ ৬৪ বছৰ বয়সত নতুন দিল্লীত মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ইৰানত প্ৰৱল ভূমিকম্পত ২১,৪০,০০০ লোকৰ মৃত্যু ঘটিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই গুৱাহাটীত এক পথ দুৰ্ঘটনাত ৰাজ্যসভাৰ সদস্য আৰু প্ৰাক্তন কেন্দ্ৰীয় আইনমন্ত্ৰী দীনেশ গোস্বামীৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই হোছনি মোবাৰক চতুৰ্থবাৰৰ বাবে ইজিপ্তৰ ৰাষ্ট্ৰপতি হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই জনপ্ৰিয় কমিকছ ‘ডেনিছ দ্য মেনেছ’ৰ স্ৰষ্টা হেনৰী হেংক কেছামৰ ৮১ বছৰ বয়সত মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই মিছ অষ্ট্ৰেলিয়া জেনিফাৰ হকিন্সৰ ‘মিছ ইউনিভাৰ্ছ’ খিতাপ অৰ্জন।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই বিশিষ্ট কবি ডম মৰিছৰ মৃত্যু।।

 

You might also like
Leave A Reply

Your email address will not be published.