উৎকট গৰমৰ মাজতে বৃদ্ধি পালে বিদ্যুতৰ মাচুল

প্রতি ইউনিটত ৩০-৭০ পইচাকৈ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে APDCLয়ে।

নিউজ ডেস্ক

মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ সময়তে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে জনতাৰ মূৰত মাধমাৰ সোধালে শক্তি বিভাগে। প্রতি ইউনিটত ৩০-৭০ পইচাকৈ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে APDCLয়ে। যোৱা ২৭ মে’ত এই সন্দৰ্ভত জাননী জাৰি কৰিছিল বিভাগটোৱে। জীৱন ধাৰাৰ গ্রাহকৰ বাবে প্রতি ইউনিটত ৩০পইচাকৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য উপভোক্তাৰ বাবে প্রতি ইউনিটত বৃদ্ধি ৭০ পইচাকৈ। জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্রাহকে প্রতি ইউনিটত ৫.২৫ টকাকৈ, ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই ৭.৩০ টকাকৈ আৰু ৫-৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্রাহকে দিব লাগিব ৮.১৫ টকাকৈ। লগতে বাণিজ্যিক গ্রাহকে দিব লাগিব ৮.৬০ টকাকৈ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চলিত বৰ্ষত বহুবাৰ বৃদ্ধি হৈ আহিছে বিদ্যুৎ মাচুল।সমান্তৰালভাৱে স্মাৰ্ট মিটাৰেও জ্বলা কলা খুৱাইছে সাধাৰণ জনতাক।।

You might also like
Leave A Reply

Your email address will not be published.