চতুৰ্থবাৰৰ বাবে ভাৰত পুৰুষৰ জুনিয়ৰ এচিয়া কাপ চেম্পিয়ন!

ফাইনেলত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ২-১ গ'লৰ ব্যৱধানত ভাৰতৰ জয়লাভ

স্প’ৰ্টছ ডেস্ক:

তুৰ্থবাৰৰ বাবে ভাৰত পুৰুষৰ জুনিয়ৰ এচিয়া কাপ চেম্পিয়ন! ওমানৰ ছালেলাহত অনুষ্ঠিত হোৱা পুৰুষৰ জুনিয়ৰ এচিয়া কাপ হকীত ভাৰতে লাভ কৰে এই চমকপ্ৰদ সফলতা। ফাইনেলত চিৰবৈৰী
পাকিস্তানৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত ভাৰতৰ এই জয়লাভ। ভাৰতৰ হৈ ১৩ মিনিটত অংগদ বীৰ সিং আৰু ২০ মিনিটত অৰাইজীত সিং হুণ্ডলে গ’ল দিয়াৰ বিপৰীতে ৩৭ মিনিটত পাকিস্তানে আব্দুল বছাৰতৰ জৰিয়তে এটা গ’ল স্ক’ৰ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৪, ২০০৮ আৰু ২০১৫ চনত এই প্ৰতিযোগিতাত জয়ী হোৱা ভাৰতৰ এয়া চতুৰ্থটো খিতাপ । সমগ্ৰ প্ৰতিযোগিতাখনতে ভাৰত অপৰাজিত হৈ থাকে। লগতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহত মালয়েছিয়াত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ পুৰুষৰ জুনিয়ৰ বিশ্বকাপৰ বাবেও ভাৰতে যোগ্যতা অৰ্জন কৰে। দলটোৰ প্ৰদৰ্শনক প্ৰশংসা কৰি হকী ইণ্ডিয়াৰ কাৰ্যবাহী পৰিষদে প্ৰতিজন খেলুৱৈলৈ ২ লাখ টকা আৰু সহায়ক কৰ্মচাৰীলৈ ১ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.