কাটাৰত ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড প্ৰদান!

২৯ মাৰ্চত অনুষ্ঠিত হৈছিল নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াৰ বিচাৰৰ প্ৰথম শুনানি

নেচনেল ডেস্ক:

কাটাৰৰ এখন আদালতে বৃহস্পতিবাৰে ভাৰতীয় নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড প্ৰদান।এসময়ত ভাৰতৰ ডাঙৰ ডাঙৰ যুদ্ধজাহাজৰ কমাণ্ড কৰা উচ্চপদস্ত বিষয়াকে ধৰি এই বিষয়াসকল কাটাৰৰ সশস্ত্ৰ বাহিনীক প্ৰশিক্ষণ আৰু আনুষংগিক সেৱা প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠান ডাহৰা গ্ল’বেল টেকন’লজিছ এণ্ড কনছালটেন্সি চাৰ্ভিচেছত কাম কৰিছিল। জানিব পৰা মতে, ২৯ মাৰ্চত অনুষ্ঠিত হৈছিল নৌসেনাৰ ৮ গৰাকী প্ৰাক্তন বিষয়াৰ বিচাৰৰ প্ৰথম শুনানি।

ইফালে নৌসেনাৰ প্ৰাক্তন সৈনিকসকলৰ পৰিয়ালৰ সূত্ৰই জনোৱা মতে, কাটাৰ কৰ্তৃপক্ষ নাইবা ভাৰতীয় কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকৰ বিচাৰৰ আনুষ্ঠানিক অভিযোগৰ বিষয়ে অৱগত কৰা হোৱা নাই। ইফালে কাটাৰৰ আদালতৰ ৰায়দানত স্তম্ভিত হৈ পৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়। নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়া— কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ পুৰেন্দু তিৱাৰী, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ ভাৰ্মা, কমাণ্ডাৰ সুগুনাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপাল আৰু নাৱিক ৰাগেশ।।

You might also like
Leave A Reply

Your email address will not be published.