কিমান আগবাঢ়িছে SI জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত!

 

নিউজ ডেস্ক:

পুৰ্ণগতিত অব্যাহত SI জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত। CIDৰ জেৰাৰ সন্মুখীন ইজনৰ পাছত সিজন আৰক্ষী বিষয়া-কৰ্মচাৰী। প্ৰতক্ষ্যদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক লগত লৈ ঘটনাস্থলীত অভিশপ্ত নিশাৰ বৰ্ণনা ল’লে তদন্তকাৰী দলে। আত্মসৰ্মপণৰ পাছতে গ্ৰেপ্তাৰ ট্ৰাক চালক সুমিত কুমাৰক। নিশা নিজ কাৰ্যালয়তে CIDৰ সোধা-পোছা নগাঁৱৰ SP লীনা দলেক। কালি জেৰা কৰা ASP ৰূপজ্যোতি কলিতা, মৰিকলং আৰক্ষী চকীৰ IC, কনিষ্ঠবলসহ একাধিক বিষয়া -জোৱানক পুনৰ জেৰা CIDৰ। জোনমনি ৰাভাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। মৰণোত্তৰ পৰীক্ষাত পিছমূৰত আঘাতৰ তথ্য । মূৰ-মগজু আৰু তলপেটৰ আভ্যন্তৰত পাইছিল আঘাত । মৰণোত্তৰ প্ৰতিবেদনক লৈ প্ৰতিক্ৰিয়া জোনমনিৰ পৰিয়ালৰ। পৰিয়ালে জোনমনিৰ মৃত্যুক আখ্যা দিলে পৰিকল্পিত হত্যাকাণ্ড। CIDৰ তদন্তত আস্বস্ত নহলে পৰিয়ালে বিচাৰিব CBIৰ তদন্ত। সোধা-পোছাৰ বাবে CIDয়ে তলব কৰিলে মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসককো।আনহাতে SI জোনমনি ৰাভাৰ মৃত্যুৰ সৈতে সাঙুৰ খাইছে নকল সোণৰ বেহাৰ প্ৰসংগ । লক্ষিমপুৰ সদৰ থানাত জেৰাৰ পাছত গ্ৰেপ্তাৰ আজগৰ আলীক। নকল সোণ সৰবৰাহ চক্ৰৰ সৈতে BJP নেতাৰ হলি -গলি পোহৰলৈ অহাৰ পাছত বিৰ্তকৰ আৰ্ৱতলৈ অহা লক্ষিমপুৰ জিলা সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষ আবু শ্বহীদ ওৰফে লম্বুক অব্যাহতি। কিছুবছৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা আবু শ্বহীদক নকল সোণ সৰবৰাহৰ অন্যতম মাষ্টাৰমাইণ্ড বুলি সামাজিক মাধ্যমত সদৰি কৰিছিল লখিমপুৰ আৰক্ষীয়ে। ইফালে,জোনমণি ৰাভাৰ মৃত্যুক লৈ অৱসৰ প্ৰাপ্ত IGP ভায়োলেট বৰুৱাৰ বিস্ফোৰক মন্তব্য। CIDৰ তদন্তত সকলো পোহৰলৈ আহিব বুলি আশাবাদী প্ৰাক্তন আৰক্ষী বিযয়া গৰাকীৰ মন্তব্য-‘দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন আৰু জোনমণিৰ আঘাটৰ মাজত যথেষ্ট পাৰ্থক্য আছে।’ জোনমণি ৰাভাই অন্য-জিলাত অভিযান চলোৱা সন্দৰ্ভটো ভায়োলেট বৰুৱাৰ মন্তব্য-‘শীৰ্ষ বিষয়াৰ নিৰ্দেশ নথকাকৈ অন্য জিলাত অভিযান চলোৱা নাই।’এখন জিলাত সৰ্ব্বোচ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিব পৰা আৰক্ষীয়ে বছৰ বছৰ ধৰি একেখন চকীকে খামুচি থকাক লৈও প্ৰশ্ন ভায়োলেট বৰুৰাৰ।।

You might also like
Leave A Reply

Your email address will not be published.