মাজুলীত ADCৰ বাহনৰ খুন্দাত নিহত ছাত্ৰ।গাড়ীত উদ্ধাৰ সুৰাৰ বটল!

 

নিউজ ডেস্ক :

মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ছাত্ৰৰ। মাজুলীৰ অতিৰিক্ত উপায়ুক্তই গড়মূৰলৈ আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। অতিৰিক্ত উপায়ুক্তৰ বাহনখনে মহতিয়াই নিয়ে দুজন ছাত্ৰক।
ফলত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে মলয় নাথ নামৰ দশম মানৰ ছাত্ৰ এজন গুৰুতৰভাৱে আহত হয়। দুয়োগৰাকী বৰগুৰি ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। দুৰ্ঘটনাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। অভিযোগ মতে গাড়ীখনৰ পৰা উদ্ধাৰ হয় সুৰাৰ বটল। দুৰ্ঘটনাৰ পাছতে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণৰ বাবে আৰক্ষী- CRPF বাহিনী মোতায়েন কৰিব লগা হয়।।

You might also like
Leave A Reply

Your email address will not be published.