অৰুণাচল প্ৰদেশৰ নামচাইত চাঞ্চল্যকৰ ঘটনা।

নিউজ ডেস্ক:

ৰুণাচল প্ৰদেশৰ নামচাইত চাঞ্চল্যকৰ ঘটনা। অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসমৰ এজন যুৱক।জানিব পৰা মতে ৰে’লযোগে গৈ থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তৰ এটা তিনিজনীয়া দলে নামচাইৰ সৌখাম-মেডু ৰোডত যুৱকজনক উপৰ্যুপৰি আক্ৰমণ কৰে। ঘটনাটো সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে পুৱতি নিশা তিনিচুকীয়াৰ টিনিকোনিয়াত যুৱকজনক পেলাই থৈ যায় । একাংশ স্থানীয় লোকে যুৱকজনক সংকটজনক অৱস্থাত পৰি থকা দেখি ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যুৱকজনক উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আহত যুৱকজন শদিয়াৰ সন্তোষ গগৈ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.