কুখ্যাত বাবাৰ সহযোগী মহিলা আৰক্ষীৰ জালত

বোকাজান আৰক্ষীৰ জালত পৰা দুৰ্ধৰ্ষ মাফিয়া বাবা হাজৰিকাৰ মূল সহযোগীক গ্ৰেপ্তাৰ।বাবা হাজৰিকাৰ প্ৰধান ড্ৰাগছ যোগানধাৰী ধৃত মনিপুৰী মহিলা।ড্ৰাগছ,৩ খন বাহন,নগদ ধন,আ-অলংকাৰ সহ আটক ৩ সৰবৰাহকাৰীক। ম’ষ্ট ৱান্টেড এল এইছ ৰাইৰৌ নামৰ মহিলাগৰাকীৰ লগতে আটক ২ সহযোগীক। ধৃত আন দুই সহযোগী মণিপুৰৰ আৰ এন সুৰেন্দৰ আৰু খটখটীৰ বৰলেংৰীৰ ফক’ মাও।৩৩ টা চাবোনৰ বাকচত সৰবৰাহকাৰীৰ দলটোৰ পৰা উদ্ধাৰ ৪০১ গ্ৰাম হেৰ’ইন। এখন অটো,এখন চুজুকি এছ ক্ৰছ আৰু এখন স্কৰপিয় গাড়ীৰ লগতে দলটোৰ পৰা জব্দ নগদ ৩ লাখ ৫৮ হেজাৰ টকা,আ-অলংকাৰ,বিত্তীয় তথ্যপাতি।বোকাজানৰ SDPO জন দাসৰ নেতৃত্বত আজি দিনৰ ১১ বজাত আৰক্ষীৰ এই সফল অভিযান।কোটি টকাৰ ড্ৰাগছ আৰু জীৱ-জন্তুৰ অংগ সহ যোৱা ১২ জানুৱাৰীত আৰক্ষীৰ জালত পৰিছিল কুখ্যাত বাবা হাজৰিকা।খটখটীৰ বাসগৃহত বাবাক গ্ৰেপ্তাৰৰ পাছৰে পৰা আৰক্ষীয়ে চকু ৰাখিছিল ধৃত বৰলেংৰীৰ মণিপুৰী মহিলাগৰাকীৰ ওপৰত।বাবা হাজৰিকাক ড্ৰাগছ যোগানৰ মূল অভিযুক্ত আছিল এল এইছ ৰাইৰৌ নামৰ ধৃত মহিলাগৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.