কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা চিতাৰ!

এটা মাহৰ ভিতৰত এয়া দ্বিতীয়টো চিতাৰ মৃত্যুৰ ঘটনা ৰাষ্ট্ৰীয় উদ্যানখনত

নেচনেল ডেস্ক:

ধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু দক্ষিণ আফ্ৰিকাৰ পৰা অনা এটা চিতাৰ। এটা মাহৰ ভিতৰত এয়া দ্বিতীয়টো চিতাৰ মৃত্যুৰ ঘটনা ৰাষ্ট্ৰীয় উদ্যানখনত। উল্লেখ্য যে, মাৰ্চ মাহত নামিবিয়াৰ পৰা ভাৰতলৈ অনা ছাছা নামৰ এটা চিতা বৃক্ক বিকল হোৱাৰ বাবে চলিত মাহতে মৃত্যু হৈছিল কুনো ৰাষ্ট্ৰীয় উদ্যানত।পুনৰ ৬ বছৰীয়া উদয় নামৰ চিতাটোৰ মৃত্যুৰ কাৰণ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব বুলি বন কৰ্তৃপক্ষই জানিবলৈ দিছে।

জানিব পৰা মতে, দেওবাৰে পুৱা প্ৰায় ৯ বজাত নিয়মীয়া পৰীক্ষাৰ সময়ত উদয়ক অলস অৱস্থাত বহি থকা দেখা গৈছিল। পশু চিকিৎসা বিশেষজ্ঞই ওচৰ চাপি অহাত বাঘটোৱে উঠি অলপ লৰচৰ কৰিছিল যদিও প্ৰায় দুঘণ্টা মানৰ পাছত অচেতন হৈ পৰি যোৱাত উন্নত চিকিৎসাৰ বাবে চিতাটোক আইছ’লেশ্যন ৱাৰ্ডলৈ স্থানান্তৰ কৰা হয়। বিয়লি প্ৰায় ৪ বজাত চিকিৎসাৰ সময়তে মৃত্যু হয় উদয়ৰ।।

You might also like
Leave A Reply

Your email address will not be published.