কৃষিকৰ্মৰে ১৫ লাখ টকা উপাৰ্জন!

কৃষিত আত্মনিয়োগ দেৰগাঁওৰ যুৱ কৃষক মুনিন্দ্ৰ বৰা

যি সময়ত অসমৰ এচাম নিবনুৱা যুৱকে-যুৱতীয়ে কৰ্ম সংস্থাপন বিছাৰি বহিৰাজ্য সমূহলৈ ঢাপলি মেলিছে সেই সময়তে এচাম যুৱকে-যুৱতীয়ে নিজৰ ঘৰতে থাকি পৰিত্যক্ত ভূমিত কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈ পৰিয়াল ভৰনপোষন পথ মুকলি কৰি লৈছে৷তেনে এজন ব্যক্তিয়ে কৃষিকৰ্মৰ জড়িয়তে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। কৃষিকৰ্মৰ জৰিয়তে বছৰি প্ৰায় পোন্ধৰ লাখ টকা উপাৰ্জন কৰে যুৱকজনে। আচলতে মন কৰিলেই চন। বিভিন্ন খেতিৰে আত্মনিৰ্ভৰশীলৰ পথ মুকলি কৰে দেৰগাঁওৰ যুৱ কৃষক মুনিন্দ্ৰ বৰা।

যুৱকজন দেৰগাঁওৰ বহ্মপুত্ৰৰ কাষৰীয়া দক্ষিণ আহঁতগুৰি ধোদাং ৰৌমৰা গাঁৱৰ। বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে এই যুৱকজন। কৃষিকাৰ্যৰ লগত নিজকে জড়িত কৰাই বছৰি পোন্ধৰ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজন। যুৱকজনৰ আছে ষ্ট্ৰ’বেৰীৰ খেতি ।সমান্তৰালভাৱে যুৱকজনৰ আছে তৰমুজ, কুহিঁয়াৰ, তিয়ঁহ, বেঙেনাৰ লগতে নেমুটেঙাৰ খেতি।এই খেতিৰ পৰা উৎপাদিত সামগ্ৰী বিক্ৰী কৰি যুৱকজনে বৰ্তমান স্বচ্ছতাৰে নিজৰ পৰিয়াল চলাই নিয়াৰ লগতে বছৰি আয় কৰিছে পোন্ধৰ লক্ষাধিক টকা ।মন কৰিবলগীয়া যে যুৱকজনৰ কৃষি পথাৰ বিস্তাৰিত হৈ আছে পঁয়ত্ৰিশ বিঘা মাটিত।কিন্তু লক্ষণীয় বিষয় যে মাত্ৰ দহ বিঘাহে নিজৰ মাটি। বাকী পঁচিছ বিঘা মাটি আনৰ পৰা লীজত লৈ নিয়াৰিকৈ চলায় গৈছে এই কৃষিকাৰ্য। লগতে যুৱকজনৰ এখন ছাগলীৰ ফ্ৰামও আছে। যুৱকজনৰ এই কৃষিকাৰ্যত নিজৰ ঘৰৰ পাচঁজনকৈ লোক জড়িত হৈ থকাৰ উপৰিও অঞ্চলটোৰ কেইবাগৰাকীও নিবনুৱা যুৱকক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে।

যি সময়ত একাংশ যুৱকে নিজক সংস্থাপিত কৰিবৰ বাবে কেইটামান টকাৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে।তেনে সময়ত মুনিন্দ্ৰৰ এনে কাৰ্য্য আন হাজাৰজন যুৱকৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে। উল্লেখ্য যে মুনিন্দ্ৰই কৰা এই কৃষিকাৰ্যৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা জিলা ভিত্তিক সন্মান লাভ কৰিবলৈও সক্ষম হৈছে

You might also like
Leave A Reply

Your email address will not be published.