আজি ৩ এপ্ৰিল

➡️আজি গিনিৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৬৮০ চনত ছত্ৰপতি শিৱাজীৰ মৃত্যু হয়। মাৰাঠা শক্তি হ্ৰাস।
➡️১৮৫৭ চনত ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াক ‘ভাৰত সম্ৰাজ্ঞী’ ৰূপে ঘোষণা কৰা হয়।
➡️১৮৯৬ চনত প্ৰখ্যাত ৰুছ বিজ্ঞানী নিকোলাই নিকোলেভিচ ছেমেনভৰৰ জন্ম। ১৯৫৬ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩৯ চনত অসমৰ প্ৰথম শ্ৰমিক আন্দোলন আৰম্ভ হয়।
➡️১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতত প্ৰথম কম্পিউটাৰ প্ৰৱৰ্তন হয়।
➡️১৯৭৪ চনত আমেৰিকাৰ দক্ষিণ আৰু মধ্য-পশ্চিম প্ৰদেশত মুঠ ১৪৮টা টৰ্নেডো প্ৰবাহিত। ২৪ ঘন্টাৰ ভিতৰত প্ৰবাহিত টৰ্নেডোৰ এই সংখ্যাই এতিয়ালৈকে সৰ্বাধিক।
➡️১৯৮৭ চনত কবি-সাংবাদিক সচ্চিদানন্দ বাৎসায়নৰ মৃত্যু হয়। ১৯৭৮ চনত বাৎসায়নে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল।
➡️১৯৯১ চনৰ ৩ এপ্ৰিলত কুৰি শতিকাৰ প্ৰসিদ্ধ ঔপন্যাসিক গ্ৰাহাম গ্ৰীনৰ মৃত্যু হয়।
➡️২০০২ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০০১ বৰ্ষৰ সংগীত-নাটক একাডেমী বঁটা প্ৰদান।
➡️২০০৫ চনত পোপ জন পল দ্বিতীয়ৰ মৃত্যু হয়।
➡️২০০৬ চনত অষ্টাদশ বিধানসভা গঠনৰ বাবে অসমত দুতৰপীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন। দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় ১০ এপ্ৰিলত।

You might also like
Leave A Reply

Your email address will not be published.