গুৱাহাটীত ১ কে জি চাহ ১ লাখ টকাত বিক্ৰী!

গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।অসমৰ ডিব্ৰুগড়ৰ মনোহাৰী টি ইষ্টেটৰ বিৰল প্ৰকাৰৰ “মনোহৰী গোল্ড টি”য়ে মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত (জিটিএচি) প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকা লাভ কৰে । উল্লেখ্য যে, ডিব্ৰুগড়ৰ মনোহাৰী গোল্ড টিয়ে নিজৰেই অভিলেখ ভংগ কৰি পুনৰ এবাৰ ইতিহাস সৃষ্টি কৰা বুলি জানিবলৈ দিছে গুৱাহাটী চাহ নিলাম ক্ৰেতা সন্থাৰ সম্পাদক দিনেশ বিহানীয়ে।

হস্তনিৰ্মিত বিশেষ প্ৰকাৰটো সৌৰভ টি ট্ৰেডাৰচে ক্ৰয় কৰিছিল আৰু ইয়াৰ মাত্ৰ এক কেজি বিক্ৰী হৈছিল। ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ মনোহাৰী টি ইষ্টেটে যোৱা বছৰ তেওঁলোকৰ দ্বাৰা উৎপাদিত এক বিশেষ মানৰ চাহ প্ৰতি কিলোগ্ৰামত ৭৫,০০০ টকাত নিলাম কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.