জম্মু-কাশ্মীৰত ড্ৰাগছ মাফিয়াৰ বৃহৎ ঘাটি উৎখাত

পুঞ্চৰ ভাৰত-পাক সীমান্তৱৰ্তী এলেকাত জব্দ ৭ কেজি হেৰ’ইন

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰত ড্ৰাগছ মাফিয়াৰ বৃহৎ ঘাটি উৎখাত।পুঞ্চৰ ভাৰত-পাক সীমান্তৱৰ্তী এলেকাত জব্দ ৭ কেজি হেৰ’ইন। ড্ৰাগছ মাফিয়া ৰফি ধানা ওৰফে ৰফি লালাৰ ঘৰত জব্দ হেৰ’ইনখিনি। আন্তৰাষ্ট্ৰীয় বজাৰত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩৫ কোটি টকা। অভিযানত নগদ প্ৰায় ২ কোটি ৩১ লাখ টকাও জব্দ।উদ্ধাৰ ১৫ হাজাৰ টকাৰ আমেৰিকান ডলাৰ। এটা পিষ্টল, এটা মেগজিন আৰু ১০ জাঁই সক্ৰিয় গুলীসহ কুখ্যাত ড্ৰাগছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ৰফি লালাৰ ঘৰৰ পৰাই পঞ্জাৱলৈ ড্ৰাগছৰ নেটৱৰ্ক চলাৰ সন্দেহ আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.