ভয়ংকৰ প্ৰতিশোধ! ককায়েকৰ বাবেই কনমানি ভগ্নীক ধৰ্ষণ কৰি হত্যা

এগৰাকী ১০ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰে ৪৫ বছৰীয়া যুৱকে।

নেছনেল ডেস্ক :
গুজৰাটৰ ভালছাদ জিলাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী ১০ বছৰীয়া কিশোৰীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰে ৪৫ বছৰীয়া যুৱকে।
জানিব পৰা মতে, ছোৱালীজনী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল। বুধবাৰে পুৱা প্ৰায় ন বজাত তাই ঘৰৰ পৰা স্কুললৈ ওলাই গৈছিল, সন্ধিয়ালৈকে ঘৰলৈ উভতি নহাত মাক-দেউতাকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো একো খৱৰ নোপোৱাত আৰক্ষীৰ সৈতে যোগাযোগ কৰে। কিশোৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত তালাছাৰী আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰে।
আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহে ৪৫ বছৰীয়া এজন যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰি হত্যা কৰে কিশোৰীগৰাকীক।অভিযুক্ত যুৱকজনে ছোৱালীজনীৰ ককায়েকক প্ৰতিশোধ লোৱাৰ বাবেই এই ঘটনা সংঘটিত কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে ।

You might also like
Leave A Reply

Your email address will not be published.