ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লীস্থিত বাসগৃহত ইডিৰ তালাচী!

মুখ্যমন্ত্ৰী ছোৰেনৰ বাসগৃহৰ পৰা বহু নথি পত্ৰৰ লগতে এখন বিলাসী বাহন জব্দ

নেচনেল ডেস্ক:

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ দিল্লীস্থিত বাসগৃহত ইডিৰ তালাচী। সোমবাৰে পুৱাৰে পৰা নিশালৈ চলিল তালাচী। মুখ্যমন্ত্ৰী ছোৰেনৰ বাসগৃহৰ পৰা জব্দ কৰা হয় বহু নথি পত্ৰৰ লগতে এখন বিলাসী বাহন। খবৰ মতে, ছোৰেনৰ বাহনখনৰ চালককো সোধা-পোছাৰ বাবে আটক কৰে ইডিয়ে। দিল্লীলৈ যোৱাৰ পাছৰ পৰাই ইডিয়ে সন্ধান পোৱা নাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ।খবৰ মতে, ৩১ জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ’ব বুলি লিখিতভাৱে জনাইছিল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ, ৰাজভৱনৰ লগতে ৰাঞ্চিৰ ই ডিৰ কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰা হয় ১৪৪ ধাৰা।

সোমবাৰে ভূমি জালিয়াতিৰ অভিযোগত ধন সৰবৰাহৰ তদন্তৰ সন্দৰ্ভত ছোৰেনৰ দিল্লীৰ বাসগৃহত উপস্থিত হৈছিল ইডিৰ এটা দলে ।উল্লেখ্য​ যে, ইডিয়ে ভূমি জালিয়াতিৰ গোচৰ সন্দৰ্ভত ২০ জানুৱাৰীত ৰাঁছিৰ চৰকাৰী বাসগৃহতো ছোৰেনক জেৰা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.