টিকাকৰণৰ সচেতনতাৰে ভাৰতৰ নজিৰ!

IANS-CVoter ক’ভিড ভেকছিন ট্ৰেকাৰৰ মতে ৯৮ শতাংশতকৈও অধিক যোগ্য নাগৰিকে মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ ইচ্ছা প্ৰদৰ্শন কৰা ভাৰত হৈছে বিশ্বৰ আটাইতকৈ বেছি ভেকচিন-অনুকূল দেশ। ইফালে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ৮৯ লাখতকৈও অধিক ভেকচিন প্ৰদান কৰা হৈছে। ভাৰতৰ ক’ভিড-১৯ টিকাকৰণ কভাৰেজৰ (পালি ১+ পালি ২ ) সংখ্যা ১৩৩ কোটি অতিক্ৰম কৰিছে।

দেশৰ ৯০ কোটি প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ভিতৰত ৮১ কোটিৰো অধিক লোকে ক’ভিড-১৯ ভেকচিনৰ প্ৰথম পালি লাভ কৰিছে। আনহাতে IANS-CVoter ক’ভিড ভেকচিন ট্ৰেকাৰৰ ফলাফল অনুসৰি, বাকী ৯ কোটি টিকাকৰণ নোহোৱাৰ ভিতৰত ৭.৫ কোটিয়ে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষা পাবলৈ ক’ভিডৰ টিকাকৰণ বিচাৰে।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা টিকাকৰণৰ তথ্য অনুসৰি, ভাৰতে প্ৰতিদিনে প্ৰায় ৬০-৭০ লাখ ক’ভিড-১৯ ভেকচিনৰ পালি প্ৰদান কৰি আছে। টিকাকৰণৰ এই গতিৰে ভাৰতে চলিত মাহৰ শেষৰ ফালে প্ৰাপ্তবয়স্ক লোকসকলৰ প্ৰথম পালিৰ টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.