ক’ভিডত আক্ৰান্ত দঃ আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধান

দক্ষিণ আফ্ৰিকাৰ ৬৯ বছৰীয়া ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা ক’ভিড-১৯ ত আক্ৰান্ত। জানিব পৰা মতে, দেওবাৰে ক’ভিড-১৯ ৰ বাবে কৰা পৰীক্ষাত ৰাষ্ট্ৰপতি গৰাকীৰ ফলাফল পজিটিভ আহিছে। অৱশ্যে ক’ভিডৰ কেৱল মৃদু লক্ষণহে ৰাষ্ট্ৰপতিৰ দেহত ধৰা পৰা বুলি জানিব পৰা গৈছে।

সম্পূৰ্ণৰূপে টিকাকৰণ কৰা ৰাষ্ট্ৰপতিগৰাকী কেপ টাউনত কোৱাৰেণ্টিনত আছে । ইফালে পৰৱৰ্তী সপ্তাহৰ বাবে উপ ৰাষ্ট্ৰপতি ডেভিদ মাবুজাক সকলো দায়িত্ব প্ৰদান কৰিছে ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই।।

You might also like
Leave A Reply

Your email address will not be published.