তিনিচুকীয়াত বিধ্বংসী অগ্নিকাণ্ড!

তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ানক অগ্নিকাণ্ড ৷জিলাখনৰ গেলাপুখুৰী পথত সংঘটিত হয় এই অগ্নিকাণ্ড। কেইবাটাও বাসগৃহ জুয়ে চানি ধৰাৰ ফলত বিস্ফোৰিত হয় একাধিক গেছ চিলিণ্ডাৰ। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ৬ খনতকৈ অধিক বাহনে সুদীৰ্ঘ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে ৩০ টাতকৈও অধিক ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়৷ভস্মীভূত বাঁহেৰে নিৰ্মিত ভাড়াঘৰ সমূহ পুনম শ্বাহ নামৰ এগৰাকী মহিলাৰ মালিকানাধীন বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.