তীব্ৰ বেগী বাহনে মহতিয়ালে ৫ জনকৈ পথচাৰীক !

নেচনেল ডেস্ক

হিমাচল প্ৰদেশৰ চোলান জিলাৰ ধৰমপুৰৰ পাঁচ নম্বৰ কালকা-চিমলা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি গৈ থকা এটা পথচাৰীৰ দলক এখন দ্ৰুতবেগী ইনোভা টেক্সীয়ে মহতিয়াই নিয়াৰ ফলত কমেও পাঁচজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হোৱাৰ বিপৰীতে চাৰিজন লোক গুৰুতৰভাৱে আহত হয় । অৱশ্যে মৃতকৰ পৰিচয় তাত্‍ক্ষণিকভাৱে জানিব পৰা হোৱা নাই । দুৰ্ঘটনাৰ পাছতে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইনোভা বাহন খনৰ চালকজনক আটক কৰে । আহত চাৰিওজনক ধৰমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হৈছে যদিও আঘাতপ্ৰাপ্ত শ্ৰমিকসকলৰ মাজৰ এজনক চিকিত্‍সকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিত্‍সাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিত্‍সা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় ।।

You might also like
Leave A Reply

Your email address will not be published.