আজি আন্তৰ্জাতিক নাৰী দিৱস

নাৰী তুমি মাতৃ।নাৰী তুমি শক্তি। নাৰী তুমি অনন্যা

নিউজ ডেস্ক:

নাৰী তুমি মাতৃ।নাৰী তুমি শক্তি। নাৰী তুমি অনন্যা

আজি আন্তৰ্জাতিক নাৰী দিৱস। বিশ্বজুৰি ১৯০৯ চনৰ পৰা পালন কৰি অহা হৈছে আন্তৰ্জাতিক নাৰী দিৱস।তেতিয়াৰে পৰা প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস।।সীমাৰ পৰিধি ভাঙি স্ব- মহিমাৰে মহিমামণ্ডিত আজিৰ বিশ্বৰ নাৰী। কন্টকময় অন্তৰায় আঁতৰি সুচল হওঁক অনন্যা নাৰীৰ গতিপথ। নাৰী সকলৰ ত্যাগ,ধৈৰ্য্য তথা আত্মবলীদান, সমাজৰ প্ৰতি তেওঁলোকৰ অৱদান স্বীকৃতিৰ প্ৰতি উৎসগৃত এটা দিন। নাৰীৰ অধিকাৰ আৰু মৰ্যাদাৰ দাবী আন্দোলনৰ এক বিশেষ দিন। বিশ্ব ব্যাপি পালন কৰা হৈছে নাৰী দিৱস।

হিন্দু সমাজত নাৰীৰ স্থান

হিন্দু শাস্ত্ৰ তথা ৰীতি-নীতিত নাৰীক সদায় উচ্ছ স্হান দিয়া হৈছে । ভাৰতত নাৰীক মা-দূৰ্গা, মা-কালী আদি বিভিন্ন উপমাৰে বিভূষিত কৰা হয়, পুজা অৰ্চনা কৰা হয়।

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাসংগিকতা

লিংগ বৈষম্য আৰু অসমতাৰ বিৰুদ্ধে যুজিবলৈ কিমান সবল আজিৰ নাৰী? সমাজত সম-অধিকাৰৰ স্বীকৃতিৰে এখন শোষণমুক্ত নাৰী সমাজৰ সপোনেই হ’ল নাৰী সমাজৰ তাৎপৰ্য্য। লিংগ বৈষম্য আৰু বৈষম্যৰ অহৰহ বলি হৈ থকা বিশ্বৰ মহিলাসকলক উদযাপনৰ উদ্দেশ্যে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস ।
লিংগ পক্ষপাতিত্বৰ বিৰুদ্ধে যুঁজিবলৈ আৰু লিংগ সমতা, প্ৰজনন অধিকাৰ আৰু নাৰীৰ ওপৰত হোৱা নিৰ্যাতনৰ দৰে বিষয়সমূহৰ পৰা নাৰী মুক্তি পালেহে আজিৰ দিনটোৰ প্ৰাসংগিকতা থাকিব ।।

You might also like
Leave A Reply

Your email address will not be published.