তেলেংগানাত কুকুৰৰ আতংক!

তেলেংগানাৰ খাম্মাম জিলাৰ ৰাজপথত নৃশংস কাণ্ড

নেচনেল ডেস্ক:

তেলেংগানাৰ খাম্মাম জিলাৰ ৰাজপথত নৃশংস কাণ্ড। বাহিৰত খেলি থকা অৱস্থাত পথৰ কুকুৰে আক্ৰমণ কৰে এটি ৫ বছৰীয়া শিশু।কুকুৰৰ আক্ৰমণত মৃত্যু হয় শিশুটিৰ। পথৰ কুকুৰৰ কামোৰৰ ফলত শৰীৰত জলাতঙ্কৰ লক্ষণ দেখা দিয়াত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ অনাৰ সময়ত মৃত্যুবৰণ ঘটে শিশুটিৰ।

শিশুটিৰ পিতৃ-মাতৃৰ মতে, ৰঘুনাধাপালেম মণ্ডলৰ পুতানি থাণ্ডাত তেওঁৰ ঘৰৰ ওচৰত খেলি থকা অৱস্থাত পথৰ কুকুৰৰ এটা দলে উৰ্পযুপৰি আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল বানোথ ভাৰত । ততাতৈয়াকৈ দেওবাৰে তেওঁৰ পিতৃ-মাতৃয়ে খাম্মামৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ গৈছিল আহত বানোথক। চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত জলাতঙ্কৰ ঘটনা বুলি সন্দেহ কৰিছিল আৰু হায়দৰাবাদলৈ লৈ যাবলৈ পৰামৰ্শ দিছিল। অৱশ্যে, বানোথৰ অৱস্থা পথত অৱনতি ঘটাৰ ফলত সূৰ্যপেটৰ ওচৰত মৃত্যু ঘটে।

এমাহৰো কম সময়ৰ ভিতৰত ৰাজ্যখনত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথৰ কুকুৰৰ আক্ৰমণৰ ঘটনা । যোৱা মাহত হায়দৰাবাদত এজাক পথৰ কুকুৰৰ দলবদ্ধ আক্ৰমণত মৃত্যু হৈছিল এজন চাৰি বছৰীয়া শিশুৰ। ইফালে, সোমবাৰে খাম্মাম আৰু বিকাৰাবাদ জিলাত দুটা পৃথক পৃথক ঘটনাত দুটা শিশু আহত হয় আৰু সাতটা ছাগলী পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু হয়।।

You might also like
Leave A Reply

Your email address will not be published.