দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত শক্তিশালী সংযোজন

দেশৰ প্ৰতিৰক্ষা ক্ষেত্ৰত শক্তিশালি সংযোজন। ভাৰতৰ প্ৰথমটো এয়াৰ ডিফেন্স ছিষ্টেম স্থাপন। পঞ্জাৱ চেক্টৰত স্থাপন S-400 এয়াৰ ডিফেন্স চিষ্টেম। ৰাচিয়াৰ পৰা ক্ৰয় কৰা হৈছে আকাশ মাৰ্গৰ পৰা সকলো আক্ৰমন প্ৰতিৰোধ কৰিব পৰা এই ব্যৱস্থা। আকাশমাৰ্গতে মিছাইল ৰকেট ধ্বংস কৰিব পৰা এই চিষ্টেম বৈৰী ৰাষ্ট্ৰ চীন-পাকিস্তানৰ বাবে হব প্ৰৱল প্ৰত্যাহ্বান।
স্মৰ্তব্য যে,S-400ৰ দ্বিতীয় ৰেজিমেণ্ট অহা বছৰৰ জুনৰ ভিতৰত ভাৰতত পাবহি বুলি আশা কৰা হৈছে। দ্বিতীয় ৰেজিমেণ্টটো ভাৰতে লাডাখ আৰু অৰুণাচল প্ৰদেশৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে,S-400 মিছাইল প্ৰণালীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বায়ু প্ৰতিৰক্ষা প্ৰণালীৰ ভিতৰত গণ্য কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.