পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু ৭ বছৰীয়া শিশুৰ!

 

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ মোৰাদাবাদত এক শোকাৱহ ঘটনা। পথৰ কুকুৰৰ আক্ৰমণত মৃত্যু এটি ৭ বছৰীয়া শিশুৰ। মোৰাদাবাদ জিলাৰ বিলাৰী অঞ্চলত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। মৃত শিশুটিৰ নাম সাবেন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে খেতি পথাৰত কাম কৰি থকা পিতৃ-মাতৃক ভগ্নীৰ সৈতে চাহ দিবলৈ যাঁওতেই শিশুটিক কুকুৰে আগুৰি ধৰি আক্ৰমণ কৰে।

ভগ্নীৰ চিঞৰ-বাখৰত স্থানীয় একাংশ লোক ঘটনাস্থলীত উপস্থিত হৈ কুকুৰৰ কৱলৰ পৰা শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কুকুৰৰ আক্ৰমণত সংকটজনক হৈ পৰে শিশুটিৰ অৱস্থা। আহত শিশুটিক ততাতৈয়াকৈ বিলাৰীৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

You might also like
Leave A Reply

Your email address will not be published.