পাচন তন্ত্ৰৰ সমস্যাত ভুগিছে নেকি ??

কি কি খাদ্য নিয়মিত ৰূপে খাদ্যৰ তালিকাত ৰাখিলে পৰিত্ৰাণ পাব জানো আহক !

নিউজ ডেক্স:

দুৰ্বল পাচন তন্ত্ৰ আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক।পাচন তন্ত্ৰ দুৰ্বল হ’লে পেটৰ সৈতে সম্পৰ্কিত বহুতো সমস্যা হ’ব পাৰে। ইয়াৰ ভিতৰত গেছ, কোষ্ঠকাঠিন্য, বদহজম, ওকালি অহা, বুকু জ্বলা বা পেটৰ বিষ অন্যতম।সেয়েহে, পাচন তন্ত্ৰ শক্তিশালী কৰি ৰাখিবলৈ আপুনি আপোনাৰ আহাৰত কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব লাগিব।
প্ৰথমে ,অমিতা খাব লাগে। ই আমাৰ শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখে। গধুৰ আহাৰ সহজে হজম কৰাৰ সামৰ্থ্য প্ৰদানেই হৈছে অমিতাৰ বিশেষত্ব।

দ্বিতীয়তে আপেল। কথাতেই কয়, দৈনিক এটা আপেল খালে চিকিৎসকৰ পৰা দূৰত থাকিব পাৰি। কাৰণ আপেলে আমাৰ পাচন তন্ত্ৰ শক্তিশালী আৰু স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

তৃতীয়তে দৈ। দৈত থকা বেক্টেৰিয়াবোৰ পাকস্থলীক স্বাস্থ্যৱান কৰি ৰখাত সহায়ক ।যদি আপুনি দুপৰীয়াৰ আহাৰত দৈ খাব পাৰে আপোনাৰ বাবে ই বহু উপকাৰী ।

চতুৰ্থতে বীটৰুট।বীটৰুট হৈছে আঁহ, পটাছিয়াম আৰু মেগনেছিয়ামৰ এক অতি ভাল উৎস। ইয়াক এক স্বাস্থ্যকৰ পাচন তন্ত্ৰ পুনৰুদ্ধাৰ কৰাত সহায়ক বুলি গণ্য কৰা হয়।

পঞ্চমতে আদা। পেটৰ বহু সমস্যাৰ বাবে অতি উপকাৰী আদা।প্ৰতিদিনে পুৱা আদাৰ টুকুৰা বা আদাৰ পানী খালে আপুনি গেছ তথা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা বহুখিনি পাৰিত্ৰাণ পাব পাৰে।
এইসমূহ খাদ্য প্ৰত্যেক দিনাই আপোনাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি পাচন তন্ত্ৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।।

You might also like
Leave A Reply

Your email address will not be published.