প্ৰকৃতি-প্ৰেমৰ এক ব্যতিক্ৰমী নিদৰ্শন

কাজিৰঙাক প্ৰাণভৰি ভালপোৱা এজন যুৱকৰ অনন্য নিৰ্দশনে সমগ্ৰ ৰাজ্যতে সৰৱ চৰ্চা লাভ কৰিছে

কাজিৰঙাক প্ৰাণভৰি ভালপোৱা এজন যুৱকৰ অনন্য নিৰ্দশনে সমগ্ৰ ৰাজ্যতে সৰৱ চৰ্চা লাভ কৰিছে। কাজিৰঙাক প্ৰদূষণমুক্ত কৰাৰ উদেশ্যৰে এজন যুৱকে এক ব্যতিক্ৰমী পদক্ষেপ হাতত তুলি লৈছে।
জৈৱ-বৈশিষ্টৰে ভৰপূৰ কাজিৰঙাক প্লাষ্টিক মুক্ত কৰাৰ লক্ষ্যৰে নিৰলস বিপ্লৱ সুচনা কৰি অহা ব্যতিক্ৰমী যুৱকজনৰ নাম চন্দন নাথ । যুৱকজনৰ এই ব্যতিক্ৰমী পদক্ষেপৰ কাৰণে INDIAN BOOK OF RECORDS 2020, ASIA BOOK OF RECORDS 2021, GRASS GREEN AWARD 2021 আদিকে ধৰি বিভিন্ন সংস্থাৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ যুৱক জনক হেল্পিং হেণ্ড সংস্থাই প্ৰকৃতি হিতৈষী বঁটা 2024 ঘোষণা কৰিছে । অহা ৭ এপ্ৰিলত সংস্থাটোৱে এই বটাঁ প্ৰদান কৰিব। ২০১৯ চনৰ পৰা কাজিৰঙাত প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিকৰ বিৰুদ্ধে বিপ্লৱ সুচনা কৰি অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা লাভ কৰিছে। কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী চন্দন নাথে ইতিমধ্যে কাজিৰঙাত প্লাষ্টিকৰ বিকল্প হিচাপে নিজে তৈয়াৰ কৰা ‘কাজিৰঙা বেম্বু বটল” নামৰ বাঁহৰ চুঙা, বাঁহৰ গিলাছ আদি দেশী বিদেশী পৰ্যটকক নিজাববীয়াকৈ যোগান ধৰি আহিছে। কাজিৰঙাক প্লাষ্টিক মুক্ত কৰা তথা পাৰিপাৰ্শ্বিক ৰক্ষাৰ উদ্দেশ্য সজাগতা সৃষ্টি কৰাৰ লক্ষৰে মুল প্ৰবেশদ্বাৰকে ধৰি ভিন্ন স্থানত “AVOID PLASTIC, “SAVE NATURE, “SAVE KAZIRANGA, “SAVE ENVIRONMET” আদি সজাগতা মুলক বানী লিখি প্লাষ্টিক বিৰোধী অভিযানত যুৱকজনে একক ভাবেই যুঁজ দি আহিছে ।

You might also like
Leave A Reply

Your email address will not be published.