ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ৫ বৰযাত্ৰীৰ!

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। বিবাহযাত্ৰী কঢ়িয়াই অনা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত ৫ গৰাকী লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ১২ গৰাকীতকৈয়ো অধিক লোক। উত্তৰ প্ৰদেশৰ মাধোগড় কোতৱালি অঞ্চলৰ অন্তৰ্গত ভিন্দ-ওৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ গোপালপুৰাৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখনত প্ৰায় ৪০ গৰাকী লোক আছিল। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে মাধোগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাছখনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে। আৰক্ষীৰ বাহন আৰু চৰকাৰী এম্বুলেন্সৰ সহায়ত আহতসকলক ওৰাই চৰকাৰী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়।

You might also like
Leave A Reply

Your email address will not be published.