ভাৰত বিৰোধী খালিস্তান আন্দোলনত মোক্ষম আঘাট!

কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা

নিউজ ডেস্ক:

ভাৰত বিৰোধী খালিস্তান আন্দোলনত মোক্ষম আঘাট।কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰক গুলীয়াই হত্যা। কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ পাঞ্জাবী প্ৰধান ছাৰে চহৰৰ গুৰু নানক শিখ গুৰদ্বাৰা চাহিবৰ সভাপতি তথা খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী আছিল হৰদীপ সিং নিজ্জাৰ। ভাৰতৰ পঞ্জাবৰ জলন্ধৰৰ ভৰ সিং পুৰা গাঁৱৰ বাসিন্দা আছিল নিজ্জাৰ।

খালিস্তান টাইগাৰ ফ’ৰ্চ(কেটিএফ)ৰ সদস্যসকলক পৰিচালনা, সাংগঠনিক প্ৰশিক্ষণৰ লগতে পুঁজি সংগ্ৰহৰ কামত সক্ৰিয়ভাৱে জড়িত আছিল খালিস্তানী নেতাজন। ভাৰতত নিষিদ্ধ হৈ থকা বিচ্ছিন্নতাবাদী সংগঠন শিখছ ফৰ জাষ্টিচ (এছ এফ জে)ৰ সৈতেও জড়িত আছিল নিজ্জাৰ। ব্ৰেম্পটনত অনুষ্ঠিত খালিস্তান গণভোটৰ পৰিকল্পনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নিজ্জাৰে। উল্লেখ্য যে, কানাডাত যোৱা ১০ দিনত গুলিত মৃত্যুবৰণ কৰা নিজ্জাৰ দ্বিতীয়জন খালিস্তানী নেতা।।

You might also like
Leave A Reply

Your email address will not be published.