মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে শনিবাৰে দিল্লীত সৰ্বদলীয় বৈঠক

বৈঠকখন অনুষ্ঠিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত

নিউজ ডেস্ক:

ণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ শনিবাৰে দিল্লীত অনুষ্ঠিত হ’ব এখন সৰ্বদলীয় বৈঠক। বৈঠকখন অনুষ্ঠিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত। বিয়লি ৩ বজাত অনুষ্ঠিত হ’ব এই বৈঠকখন। সৰ্বদলীয় বৈঠকখনত অশান্ত জৰ্জৰিত ৰাজ্যখনলৈ কেনেদৰে শান্তিৰ পৰিৱেশ ঘুৰাই আনিব পৰি তাৰ ওপৰত আলোচনা হ’ব।

উল্লেখ্য যে, ৩ মে’ৰ পৰা মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত শ শ লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহু লোক। ৰাজ্যখনৰ হাজাৰ হাজাৰ লোকে জীৱনৰ নিৰাপত্তাৰ বাবে চুবুৰীয়া ৰাজ্যত আশ্ৰয় গ্ৰহণ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.