আজি ২৫ জুন

▶️আজি মজাম্বিকৰ স্বাধীনতা দিৱস।
▶️১৯০৩ চনৰ আজিৰ দিনটোতেই ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ জন্ম হৈছিল।
▶️১৯৩০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ শেষৰজন ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ ইংলেণ্ডত জন্ম হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ জন্ম হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ লৰ্ডছত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথম টেষ্ট ক্ৰিকেট প্ৰতিযোগিতা।এই টেষ্টত ভাৰতৰ অধিনায়ক আছিল চি কে নাইডু।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই ৰাছিয়া সমৰ্থিত উত্তৰ কোৰিয়া সেনাৰ দক্ষিণ কোৰিয়া আক্ৰমণ।
▶️১৯৭৫ চনৰ এই দিনটোতেই তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই মজাম্বিকৰ স্বাধীনতা লাভ।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই ভাৰতত বলৱৎ থকা অন্তৱৰ্তীকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটত (প্ৰুডেন্সিয়েল কাপ) ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতৰ খিতাপ অৰ্জন। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ অধিনায়ক আছিল কপিলদেৱ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল জ্যোতি বসু।তেওঁ ১৯৭৭ চনৰ পৰা একেৰাহে ২১ বছৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি অভিলেখ ৰচনা কৰি থৈছে।।

You might also like
Leave A Reply

Your email address will not be published.