আজি ২৪ জুন

▶️১২০৬ চনৰ আজিৰ দিনটোতেই কুতুবুদ্দিন আইবেক দিল্লীৰ চুলতান পদত অধিষ্ঠিত হৈছিল। দিল্লী চুলতানী শাসনৰ সূচনা।জীৱনৰ প্ৰথমছোৱা কুতুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস। সেয়ে কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা ৰাজবংসটো দাস বংশৰূপে ভাৰতীয় বুৰঞ্জীত জনাজাত। দাস বংশৰ শাসনকাল আছিল ১২০৬ চনৰ পৰা ১২৯০ চন পৰ্যন্ত।
▶️১৮৬৯ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম সশস্ত্ৰ বিপ্লৱী ৰূপে খ্যাত দামোদৰ হৰি ছাপেৰকাৰৰ জন্ম হৈছিল।
▶️১৯৪৬ চনৰ আজিৰ দিনটোতেই প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি’ৰ সম্পাদক কমলালয়া কাকতিৰ মৃত্যু হৈছিল।
▶️১৯৬৩ চনৰ আজিৰ দিনটোতেই ভাৰতত টেলেক্স সেৱা আৰম্ভ হৈছিল।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই ভিয়েটনাম যুদ্ধৰ অৱসান। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম যুক্ত হৈ গঠন হয় ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ মাদ্ৰাজ(চেন্নাই)ত মৃত্যু।১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ জ্ঞানপীঠ বঁটা।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন। মুখ্যমন্ত্ৰী হৈছিল কল্যাণ সিং।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই প্ৰথমটো বানত কেইবাখনো নদীৰ মথাউৰি ছিগাৰ ফলত অসমৰ সহস্ৰাধিক গাঁও জলমগ্ন হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.