আজি ২৩ জুন

▶️আজি লাক্সেমবাৰ্গৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৭৫৭ চনৰ আজিৰ দিনটোতেই পলাশীৰ যুদ্ধ। ৰবাৰ্ট ক্লাইভ নেতৃত্বাধীন ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত বংগৰ নবাব ছিৰাজোদ্দৌল্লাৰ পৰাস্ত হৈ পলায়ন। পিছত তেওঁ ধৰা পৰে আৰু ১৮৫৭ চনৰ ২ জুলাইত মহম্মদ বেগৰ হাতত তেওঁৰ মৃত্যু হয়।বংগৰ নবাব ৰূপে অধিস্থিত হয় ছিৰাজৰ সেনাপতি মীৰজাফৰ।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ অৰ্থনীতিবিদ জেমছ মিডেৰ জন্ম হৈছিল। ১৯৭৭ চনত তেঁও যুটীয়াভাৱে অৰ্থনীতিত নোবেল বঁটা লাভ কৰিছিল।
▶️১৯২৪ চনৰ এই দিনটোতেই শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰণসিংঘে প্ৰেমদাসাৰ কলম্বোত জন্ম হৈছিল। ১৯৮৯ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আছিল।
▶️১৯৫৩ চনৰ আজিৰ দিনটোতেই ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যু।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই এক বিমান দুৰ্ঘটনাত যুৱ কংগ্ৰেছৰ নেতা তথা ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যু ঘটিছিল।
▶️১৯৮৫ চনৰ আজিৰ দিনটোতেই আটলাণ্টিক মহাসাগৰৰ ওপৰত এয়াৰ ইণ্ডিয়াৰ জাম্বো জেট বিমান ‘কনিষ্ক’ ধ্বংসপ্ৰাপ্ত হৈ ৩২৯ যাত্ৰীৰ মৃত্যু।
▶️২০০২ চনৰ আজিৰ দিনটোতেই সপ্তাহজোৰা কাৰ্যসূচীৰে নেপালৰ তদানীন্তন ৰজা-ৰাণীৰ ভাৰত ভ্ৰমণ।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই সাধাৰণ ন্যুনতম কাৰ্যসূচী (Common Minimum Programme) ৰূপায়নৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বাৰজনীয়া ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদ গঠন।।

You might also like
Leave A Reply

Your email address will not be published.