মানৱতাৰ ইতিহাসৰ সোণালী অধ্যায়

BAPS হিন্দু মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত ইউ এ ই (UAE)ৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

উ এ ইৰ BAPS হিন্দু মন্দিৰটো স্বামীনাৰায়ণ সংস্থাই নিৰ্মাণ কৰা এটা হিন্দু পৰম্পৰাগত মন্দিৰ। প্ৰমুখ স্বামী মহাৰাজৰ (১৯২১-২০১৬) অনুপ্ৰাণিত আৰু ২০২৪ চনৰ ১৪ ফেব্ৰুৱাৰীত মহন্ত স্বামী মহাৰাজৰ দ্বাৰা পবিত্ৰ কৰা এই মন্দিৰটো মধ্যপ্ৰাচ্যৰ প্ৰথমটো পৰম্পৰাগত হিন্দু শিলৰ মন্দিৰ বুলি জানিব পাৰো।

১৯৯৭ চনত প্ৰমুখ স্বামী মহাৰাজে আবুধাবিত মন্দিৰৰ কল্পনা কৰিছিল আৰু ২০১৫ চনৰ আগষ্ট মাহত ইউ এ ই(UAE) চৰকাৰে মন্দিৰৰ বাবে মাটি যোগান ধৰাৰ কথা ঘোষণা কৰিছিল। আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে মন্দিৰৰ বাবে ২৭ একৰ মাটি উপহাৰ দিয়ে আৰু ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মন্দিৰটোৱে আইনী মৰ্যাদা লাভ কৰে।মন্দিৰটো ২০১৯ চনৰ ডিচেম্বৰ মাহত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। ৭০০ কোটি টকাৰে নিৰ্মিত BAPS মন্দিৰটো প্ৰায় ১০৮ ফুট ওখ, ২৬২ ফুট দৈৰ্ঘ্য আৰু ১৮০ ফুট প্ৰস্থ। ইউ এ ই, আফ্ৰিকা, যুক্তৰাজ্য, আমেৰিকা, ভাৰত, আৰু উপসাগৰীয় অঞ্চলৰ ২০০ৰো অধিক স্বেচ্ছাসেৱকে এই নিৰ্মাণৰ কাৰ্যত ৬ লাখ ৯০ হাজাৰতকৈ অধিক সময় উচৰ্গা কৰিছিল।

বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীয়ে আবুধাবিত বৃহৎ BAPS হিন্দু মন্দিৰ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে।তেওঁ BAPS ৰ হিন্দু মন্দিটোৰ উদ্বোধনী অনুষ্ঠানত,মন্দিটোৱে মানৱতাৰ ইতিহাসত এক নতুন সোণালী অধ্যায় ৰচনা কৰিছে বুলি ঘোষণা কৰে।লগতে তেওঁ উল্লেখ কৰে যে BAPS হিন্দু মন্দিৰটো বহু বছৰ বছৰ ধৰি চলি অহা এক কঠোৰ পৰিশ্ৰমৰ ফল।মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰতো ইউ এ ই(UAE)চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ উদ্বোধনী আনুষ্ঠান ঘোষণা কৰে যে BAPS ৰ হিন্দু মন্দিৰটো হিন্দু সম্প্ৰদায়ৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আৰু এই মন্দিৰটোৱে ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক।

আপুনি জানেনে আবুধাবিৰ এই হিন্দু মন্দিৰে ভাৰত-ইউ এ ই(UAE)ৰ সম্পৰ্কক কেনেদৰে প্ৰতিনিধিত্ব কৰে।
ইয়াত মন্দিৰটোৰ বিষয়ে শীৰ্ষ তথ্যসমূহ উল্লেখ কৰা হৈছে-

১)বোচাসনৱাসী শ্ৰী অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ হিন্দু মন্দিৰ বা BAPS হিন্দু মন্দিৰটো ২৭ একৰ মাটিত বিস্তৃত হৈ আছে।২০১৫ চনত তেতিয়াৰ ক্ৰাউন প্ৰিন্স তথা বৰ্তমানৰ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ইউ এ ইৰ প্ৰথমটো মন্দিৰ নিৰ্মাণৰ বাবে ১৩.৫ একৰ মাটি দান কৰিছিল।

২)BAPS হিন্দু মন্দিৰটোৱে সহাৱস্থানৰ ধাৰণাটোক প্ৰতিনিধিত্ব কৰে য’ত এজন মুছলমান ৰজাই হিন্দু মন্দিৰৰ বাবে মাটি দান কৰিছিল, য’ত মুখ্য স্থপতি এজন কেথলিক খ্ৰীষ্টান, প্ৰজেক্ট মেনেজাৰ এজন শিখ, আৰু ফাউণ্ডেশ্যনেল ডিজাইনাৰ এজন বৌদ্ধ লোকক লোৱা হৈছে। আৰু এই মন্দিৰটোৰ নিৰ্মাণ কোম্পানী এটা পাৰ্চী গোট, আৰু পৰিচালকজন জৈন পৰম্পৰাৰ পৰা আহিছে।

৩)এই আইকনিক শিলৰ মন্দিৰটো ডুবাই-আবুধাবি শ্বেইখ জায়েদ ঘাইপথৰ ওচৰৰ আল ৰহবাৰ ওচৰৰ আবু মুৰেইখাহত অৱস্থিত।পৃথিৱীৰ আন সকলো BAPS মন্দিৰৰ দৰেই এই মন্দিৰটোও সকলোৰে বাবে মুকলি কৰা হৈছে।মন্দিৰৰ পেনেলৰ সন্মুখত সাৰ্বজনীন মূল্যবোধৰ জীৱন্ত আকাৰৰ,বিভিন্ন সংস্কৃতিৰ সমন্বয়ৰ কাহিনী,আৰু হিন্দু আধ্যাত্মিকতাৰ কাহীনী যেনে ৰামায়ণ, শিৱ পুৰাণ, ভাগৱত, মহাভাৰত আদিৰ ইতিহাসৰ শিল্পকৰ্ম খোদিত আছে।আৰু জগন্নাথ, স্বামীনাৰায়ণ, ভেংকটেশ্বৰ আৰু অয়্যাপ্পাৰ জীৱনক চিত্ৰিত কৰা খোদিত শিল্পকৰ্মও আছে।

৪)মন্দিৰৰ বাহিৰৰ মুখাৱয়বত ৰাজস্থানৰ গুলপীয়া ৰঙৰ বেলেগ বেলগ শিল ব্যৱহাৰ কৰা হৈছে। মণ্ডিৰৰ ভিতৰৰ অংশত দুটা কেন্দ্ৰীয় গম্বুজৰ সৈতে ইটালীয় মাৰ্বল ব্যৱহাৰ কৰা হৈছে – ‘দ্য ডম অৱ হাৰমনি’ আৰু ‘দ্য ড’ম অৱ পিছ’।’ড’ম অৱ হাৰমনি’ত পাঁচটা প্ৰাকৃতিক উপাদান – পৃথিৱী, পানী, জুই, বায়ু আৰু মহাকাশ প্ৰদৰ্শন কৰা হৈছে। ইউ এ ইক প্ৰতিনিধিত্ব কৰা ঘোঁৰা আৰু উটৰ দৰে জীৱ-জন্তুৰ খোদিতও আছে। মন্দিৰত কোনো ধৰণৰ লোহাৰ সামগ্ৰী ব্যৱহাৰ কৰা নাই বুলি জানিব পৰা গৈছে। মন্দিৰত বিভিন্ন ধৰণৰ স্তম্ভ দেখা যায় যেনে বৃত্তাকাৰ, আৰু ষড়ভুজ।

৫)এই মন্দিৰটোত বহু মূল্যবোধক ঐতিহাসিক ব্যক্তি, ঋষি, আচাৰ্যৰ মূৰ্তি ৰখা আছে আৰু লগতে ভাৰতীয় সভ্যতাৰ বাহিৰেও মায়া, এজটেক, ইজিপ্ত, আৰবী, ইউৰোপীয়, চীনা আৰু আফ্ৰিকান সভ্যতা আদিৰ ইতিহাসৰ চিত্ৰ লগতে মূৰ্তি ৰখা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.