আপুনি বাৰু ফেব্ৰুৱাৰী মাহটো কি বুলি জানে?

ফেব্ৰুৱাৰী মাহ হৃদৰোগৰ স্বাস্থ্য সজাগতা মাহ হিচাপে স্বীকৃতিপ্ৰাপ্ত

ফেব্ৰুৱাৰী মাহ হৃদৰোগৰ স্বাস্থ্য সজাগতা মাহ হিচাপে স্বীকৃতিপ্ৰাপ্ত

নিশ্চয় কৈ ফেব্ৰুৱাৰী মাহটো প্ৰেমৰ মাহ বুলি জনা যায় ।প্ৰেম আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগ। ই কেৱল আমাৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত নহয়, আমাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়।এই ফেব্ৰুৱাৰী মাহটো আমি প্ৰেমৰ মাহ হিচাপে উৎযাপন কৰো। ভাৰতবৰ্ষৰ লগতে বিশ্ববাসীৰ দম্পতীয়ে নিজৰ প্ৰেম উদযাপন কৰাৰ লগতে ৰাজপথ, ৰেষ্টুৰেণ্ট, ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মৰমৰ প্ৰদৰ্শন কৰে।

আপুনি জানি হয়তো আচৰিত হ’ব ফেব্ৰুৱাৰী মাহত কিশোৰ-কিশোৰীৰ ডেটিং হিংসা, হৃদৰোগ স্বাস্থ্য,আৰু এইচ আই ভি/এইডছৰ বিষয়েও সজাগতা সৃষ্টি কৰে।জানিব পৰা মতে আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ তথ্য অনুসৰি বিশ্বজুৰি মৃত্যুৰ শীৰ্ষ কাৰণ হৈছে হৃদৰোগ আৰু ষ্ট্ৰোক হৈছে মৃত্যুৰ দ্বিতীয়টো প্ৰধান কাৰণ।গতিকে, আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ’লে আপুনিও হৃদৰোগ সমস্যা প্ৰতিৰোধ কৰিব পাৰে।হৃদৰোগ হ’ল হৃদযন্ত্ৰৰ ধমনীত প্লেক জমা হোৱা যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোক হ’ব পাৰে।তাৰোপৰি উচ্চ ৰক্তচাপকো প্ৰায়ে চাইলেণ্ট কিলাৰ বুলি কোৱা হয়, আৰু ই হৃদৰোগ আৰু ষ্ট্ৰোকৰ বাবে এক আগশাৰীৰ বিপদজনক কাৰক।

জানো আহক, হাৰ্ট এটেক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি।হৃদৰোগৰ বাবে মূল বিপদজনক কাৰকসমূহ কি কি?

হৃদৰোগৰ বাবে মূল বিপদজনক কাৰকসমূহ ভিতৰত উচ্চ কলেষ্টেৰল,উচ্চ ৰক্তচাপ,ধূমপান কৰা,ডায়েবিটিছ,শৰীৰৰ ওজন অস্বাস্থ্যকৰ,অত্যধিক মদ আৰু শাৰীৰিক কাৰ্যকলাপৰ অভাৱ।বয়সও এটা বিপদজনক কাৰক হৈ পৰে।বয়স বঢ়াৰ লগে লগে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়। দৰাচলতে ৬৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ প্ৰায়ে মৃত্যুৰ প্ৰধান কাৰণ হৃদৰোগ।গতিকে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক, দৈনিক ব্যায়াম কৰিব লাগে,যদি আপুনি ধূমপান কৰে তেন্তে সোনকালে বন্ধ কৰাৰ অত্যন্ত প্ৰয়োজনীয়।

You might also like
Leave A Reply

Your email address will not be published.