মৰক্কোত ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৬৩২লৈ বৃদ্ধি

ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যত সংঘটিত হৈছিল প্ৰথমটো ভূমিকম্পটো

ইণ্টাৰনেচনেল ডেস্ক:

ৰক্কোত ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা ৬৩২লৈ বৃদ্ধি।ৰিখটাৰ স্কেলত ৬.৮ প্ৰাবল্যত সংঘটিত হৈছিল প্ৰথমটো ভূমিকম্পটো। ১৯ মিনিট পিছতে পুনৰ ৪.৯ প্ৰাবল্যৰ আফটাৰশ্বক।
মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমত সংঘটিত হয় এই প্ৰলয়ংকাৰী ভূমিকম্প। ভূমিকম্পৰ অভিকেন্দ্ৰ হাই এটলাছ পৰ্বতমালাৰ ১৮.৫ কিলোমিটাৰ গভীৰতাত।স্থানীয় সময় অনুসৰি নিশা ১১:১১ বজাত সংঘটিত হৈছিল প্ৰথমটো ভূমিকম্প। কেইবা শতাধিক আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল ততাতৈয়াকৈ।খবৰ মতে, ভূমিকম্পত গৰিষ্ঠসংখ্যক ক্ষয়-ক্ষতি সংঘটিত হৈছে গ্ৰামাঞ্চলত । ক্ষয়-ক্ষতিৰ পৰিমান এতিয়াও জানিব পৰা হোৱা নাই বুলি চৰকাৰী সূত্ৰে প্ৰকাশ। মৰক্কোত ভূমিকম্পৰ ফলত কেইবা শতাধিক লোকৰ প্ৰাণহানিত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।।

You might also like
Leave A Reply

Your email address will not be published.