আজি ১০ ছেপ্টেম্বৰ

▶️১৮৭২ চনৰ আজিৰ দিনটোতেই ৰঞ্জি ট্ৰফীৰ বাবে প্ৰসিদ্ধ ৰঞ্জি সিংজীৰ জন্ম হৈছিল।
▶️১৮৮৭ চনৰ আজিৰ দিনটোতেই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী নেতা গোবিন্দ বল্লভ পণ্টৰ জন্ম হৈছিল।
▶️১৮৯২ চনৰ এই দিনটোতেই প্ৰখ্যাত মাৰ্কিন বিজ্ঞানী আৰ্থাৰ হেলী কম্পটনৰ জন্ম হৈছিল। ১৯২৭ চনত তেঁও পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৮৯৩ চনৰ আজিৰ দিনটোতেই আততায়ীৰ হাতত নিহত হৈছিল অষ্ট্ৰিয়াৰ সম্ৰাজ্ঞী।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক সত্যেন্দ্ৰনাথ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই বাংলা শিশু সাহিত্যিক সুকুমাৰ ৰায়ৰ মৃত্যু।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই জ্ঞানপীঠ বঁটা বিজয়ী কবি-সমালোচক নীলমণি ফুকনৰ জন্ম হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ছিডনী অলিম্পিক আৰম্ভ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই তেল আভিভত সংঘটিত বোমা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত ইজৰাইলৰ তদানীন্তন প্ৰধানমন্ত্ৰী এৰিয়েল শ্বেৰনৰ ভাৰত ভ্ৰমণ আধৰুৱা হৈ ৰৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.