মৰ্মান্তিক! একেলগে ৩০টা শগুণৰ মৃত্যু

এক মৰ্মান্তিক ঘটনাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্যতে

ৰ্মান্তিক! একেলগে ৩০টা শগুণৰ মৃত্যু

এক মৰ্মান্তিক ঘটনাই জুকাৰি গৈছে সমগ্ৰ ৰাজ্যতে। একলগে মৃত্যুক সাৱতিলে ৩০ টাকৈ শগুণে। বৰ্তমান সময়ত প্ৰায় সংখ্যক হিমালয়ান প্ৰজাতি শগুণ লুপ্তপ্ৰায় অৱস্থাত। জানিব পৰা মতে পথাৰত ছাগলী মাংস ভক্ষণ কৰি মৃত্যু মুখত পৰে দুস্পাপ্য চৰাইকেইটা।এই ঘটনা শিৱসাগৰ জিলাৰ ।

কোনো দুষ্কৃতিকাৰীৰ ভুলৰ বাবে ৩০ টাকৈ শগুণে মৃত্যুমুখত পৰে । ছাগলী পথাৰত পেলাই দিয়াৰ পিছত শগুন কেইটাই ভক্ষণ কৰাৰ ফলত শগুন সমূহ মৃত্যু মুখত পৰে। শিৱসাগৰৰ বলিয়াঘাট বাঘৰ চুকত আজি এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। মৃত শগুনকেইটা বাঘৰচুক পথাৰত বিয়লি উদ্ধাৰ কৰা হয় । ইয়াৰ উপৰিও অসুস্থ ২ টা শগুন,এটা বৰটোকোলা চিকিৎসাৰ বাবে শিৱসাগৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কোনো দুষ্কৃতিকাৰীয়ে বিহ দি নিধন শগুনকেইটা। মৃত ৩০ টা শগুনৰ ভিতৰত এটা শগুন হিমালয়ান প্ৰজাতিৰ বুলি জানিব পৰা গৈছে। প্ৰথমে স্থানীয় গাওঁবুঢ়াই অসুস্থ আৰু মৃত শগুন সমূহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগে মৃত দুটা শগুন মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাকী থকা শগুন সমূহ পুতি পেলোৱাৰ ব্যৱস্থা কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.